গুৱাহাটী, ২৩ নৱেম্বৰ: মহানগৰীৰ ৰাজপথত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত প্ৰশাসনৰ নিৰ্দেশনা মানি চলাটো চালকসকলৰ বাবে বাধ্যতামূলক কৰা হৈছে। যান-জঁট নিয়ন্ত্ৰণ আৰু পথ সুৰক্ষাৰ স্বাৰ্থত নিৰ্ধাৰণ কৰা নিষিদ্ধ পথত ই-ৰিক্সা চলোৱা, য’তে-ত’তে পাৰ্কিং কৰা অথবা প্ৰশাসনৰ বৈধ নিৰ্দেশ অমান্য কৰিলে চালকসকল আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব পাৰে।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩ৰ ১৬৩ ধাৰাৰ অধীনত জৰুৰী পৰিস্থিতিত জিলা দণ্ডাধীশ, মহকুমা দণ্ডাধীশ বা ক্ষমতাপ্ৰাপ্ত কাৰ্যবাহী দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষা আৰু আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিব পাৰে। এই আদেশ কোনো ব্যক্তি নাইবা নিৰ্দিষ্ট অঞ্চলৰ জনসাধাৰণৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পাৰে।
প্ৰশাসনৰ এনে বৈধ আদেশ জানি-বুজিও অমান্য কৰিলে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ২০২৩ৰ ২২৩ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। এই ধাৰা অনুসৰি অপৰাধৰ পৰিস্থিতিৰ ভিত্তিত ছমাহ পৰ্যন্ত কাৰাদণ্ড বা ২,৫০০ টকা পৰ্যন্ত জৰিমনা নাইবা দুয়োটাই হ’ব পাৰে। অৱশ্যে এনে অমান্যতাৰ ফলত মানুহৰ জীৱন, স্বাস্থ্য বা সুৰক্ষাৰ প্ৰতি বিপদৰ সৃষ্টি হ’লে এবছৰ পৰ্যন্ত কাৰাদণ্ড বা ৫,০০০ টকা পৰ্যন্ত জৰিমনা অথবা দুয়োটা শাস্তি হ’ব পাৰে। অৱশ্যে কোনো এটা ভুলৰ বাবেই স্বয়ংক্ৰিয়ভাৱে গ্ৰেপ্তাৰ বা কাৰাদণ্ড নহয়, বৰঞ্চ নিৰ্দিষ্ট আইনী চৰ্ত আৰু পৰিস্থিতিৰ ওপৰতহে এনে ব্যৱস্থা নিৰ্ভৰ কৰে।
নিৰ্ধাৰিত পথ আৰু নিষেধাজ্ঞা
কামৰূপ মহানগৰ আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষই (আৰটিএ) ২০২৪ চনৰ নৱেম্বৰত গুৱাহাটীত ই-ৰিক্সা চলাচলৰ বাবে ৩১টা নিৰ্দিষ্ট পথ নিৰ্ধাৰণ কৰি দিছিল। মূল পথসমূহত যান-জঁট আৰু দুৰ্ঘটনাৰ আশংকা হ্ৰাস কৰি আভ্যন্তৰীণ পথসমূহত যাতায়াত সুচল কৰাই আছিল ইয়াৰ মূল উদ্দেশ্য।
এই নিৰ্ধাৰিত পথসমূহৰ ভিতৰত পূব গুৱাহাটী, সোণাপুৰ, ক্ষেত্ৰী আৰু পানীখাইতী সংযোগী পথ; বেলতলা, হাতীগাঁও, বশিষ্ঠ, জাপৰিগোগ আৰু দক্ষিণ গুৱাহাটীৰ আভ্যন্তৰীণ পথ; লখৰা, বেহাৰবাৰী, গড়চুক আৰু দীপৰ বিল সংযোগী পথ; জালুকবাৰী, আজাৰা, ধাৰাপুৰ, বিমানবন্দৰ আৰু আদাবাৰী অঞ্চলৰ নিৰ্দিষ্ট পথৰ লগতে নাৰেংগী, বোন্দা, মালিগাঁও, কামাখ্যা ৰে’ল ষ্টেচন আৰু ফটাশিল আমবাৰী সংযোগী আভ্যন্তৰীণ পথসমূহ অন্তৰ্ভুক্ত। আনহাতে ২০২৫ চনৰ জানুৱাৰীত মহানগৰীৰ ৫৬টা পথত ই-ৰিক্সা চলাচল নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়।
চালকসকলে মানিবলগীয়া নিয়মসমূহ
প্ৰশাসন আৰু পৰিবহণ বিভাগৰ নিৰ্দেশনা অনুসৰি চালকসকলে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম মানি চলাটো প্ৰয়োজন। নিষিদ্ধ ঘোষণা কৰা মূল পথ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু উৰণীয়া সেতুত ই-ৰিক্সা চলাচল কৰাব নোৱাৰিব। যান-জঁটৰ সৃষ্টি নহ’বলৈ য’তে-ত’তে বাহন ৰখোৱাৰ পৰিৱৰ্তে নিৰ্দিষ্ট স্থানতহে পাৰ্কিং কৰিব লাগিব।
ইয়াৰ উপৰি চালকৰ বৈধ চালকৰ অনুজ্ঞাপত্ৰ (ড্ৰাইভিং লাইচেন্স) আৰু বাহনৰ যাৱতীয় পঞ্জীয়ন নথি লগত ৰখাটো বাধ্যতামূলক। নিৰ্ধাৰিত আসনতকৈ অধিক যাত্ৰী কঢ়িওৱা নিষিদ্ধ কৰাৰ লগতে গুৱাহাটীৰ বাবে প্ৰযোজ্য নিয়ম অনুসৰি চালকে খাকী পোছাক পৰিধান কৰিব লাগিব। যান-জঁট নিয়ন্ত্ৰণ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো চালককে প্ৰশাসনৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱা হৈছে।