ভগৱান ৰাম আৰু কৃষ্ণক লৈ কৰা মন্তব্যৰ বাবে ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক চোকা সমালোচনা কৰে যোগগুৰু বাবা ৰামদেৱে।
ভগৱান ৰাম আৰু শ্ৰীকৃষ্ণক লৈ কৰা এক মন্তব্যৰ পৰিপ্ৰেক্ষিতত বাগেশ্বৰ ধামৰ পীঠাধীশ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে যোগগুৰু বাবা ৰামদেৱে।
ৰামদেৱে কয় যে একাংশ লোকে বেদ, দৰ্শন, উপনিষদ, ৰামায়ণ, মহাভাৰত আনকি দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ বিষয়েও একো নাজানে।
ধৰ্মৰ নামত ভণ্ডামি আৰু প্ৰৱঞ্চনা চলাই থকা লোকসকলৰ পৰা সাৱধান হ'বলৈ আহ্বান জনায় যোগগুৰুগৰাকীয়ে।
ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে এটা ধৰ্মীয় অনুষ্ঠানত ভগৱান ৰাম আৰু শ্ৰীকৃষ্ণৰ মাজত তুলনা কৰি এক বিতৰ্কিত মন্তব্য কৰিছিল।
newznow.in