ভগৱান ৰাম আৰু শ্ৰীকৃষ্ণক লৈ কৰা এক মন্তব্যৰ পৰিপ্ৰেক্ষিতত বাগেশ্বৰ ধামৰ পীঠাধীশ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে যোগগুৰু বাবা ৰামদেৱে। এক অনুষ্ঠানত ভাষণ দি ৰামদেৱে ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক ‘ভণ্ড’ আৰু ‘ধূৰ্ত’ আখ্যা দিয়াৰ লগতে তেওঁৰ দৰে কথকসকলে বেদ, উপনিষদ, ৰামায়ণ আৰু মহাভাৰত অধ্যয়ন কৰা নাই বুলি মন্তব্য কৰে।
ৰামদেৱে কয় যে একাংশ লোকে বেদ, দৰ্শন, উপনিষদ, ৰামায়ণ, মহাভাৰত আনকি দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ বিষয়েও একো নাজানে। তথাপি তেনে লোকে ধৰ্ম আৰু সনাতন ৰক্ষাৰ কথা কৈ জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে।
ধৰ্মৰ নামত ভণ্ডামি আৰু প্ৰৱঞ্চনা চলাই থকা লোকসকলৰ পৰা সাৱধান হ'বলৈ আহ্বান জনায় যোগগুৰুগৰাকীয়ে। একেদৰে ভূত-প্ৰেতৰ নামত মানুহক প্ৰতাৰণা কৰাৰ প্ৰৱণতাকো তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে।
ৰাম আৰু কৃষ্ণৰ তুলনাক লৈ সৃষ্টি হোৱা বিতৰ্ক
ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে এটা ধৰ্মীয় অনুষ্ঠানত ভগৱান ৰাম আৰু শ্ৰীকৃষ্ণৰ মাজত তুলনা কৰি এক বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ কৈছিল যে ৰাম পোন আৰু কৃষ্ণৰ ভংগী বেঁকা। এই মন্তব্যক লৈ বিভিন্ন মহলত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ লগতে আন কেইবাগৰাকীও ৰাজনৈতিক নেতাই ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ এনে তুলনাক লৈ আপত্তি দৰ্শাইছিল।
ইয়াৰ পিছতে উত্তৰ প্ৰদেশৰ কুণ্ডাত বিধায়ক ৰাজা ভাইয়াৰ উদ্যোগত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ ৰামকথা অনুষ্ঠান অনুষ্ঠিত হয়। বিধায়কগৰাকীয়ে নিজে ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক প্ৰয়াগৰাজৰ পৰা গাড়ীত তুলি কুণ্ডালৈ লৈ গৈছিল। পৰৱৰ্তী সময়ত শাস্ত্ৰীয়ে বৃন্দাবনলৈ গৈ অখিলেশ যাদৱক প্ৰকৃত কৃষ্ণভক্ত হ'লে মথুৰা-বৃন্দাবনলৈ আহিবলৈ প্ৰত্যাহ্বান জনায়। এই সমগ্ৰ বিতৰ্কৰ মাজতে এইবাৰ বাবা ৰামদেৱেও শাস্ত্ৰীৰ বিৰুদ্ধে মুখ খুলিছে।