কাছাৰৰ বালাছড়া টোলগেটত অভিযান চলাই ৪৭ হাজাৰ বটল কফ ছিৰাপ জব্দ কৰিছে বৰখলা আৰক্ষীয়ে।
চেনিৰ বস্তাৰ আঁৰত লুকুৱাই বৃহৎ পৰিমাণৰ কফ ছিৰাপ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে কাছাৰ আৰক্ষীয়ে জব্দ কৰে ৪৭ হাজাৰ বটল কফ ছিৰাপ।
এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ট্ৰাকখনৰ চালক আৰু সহচালকক আটক কৰিছে আৰক্ষীয়ে।
প্ৰাথমিক তথ্য অনুসৰি, ট্ৰাকখন উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা ত্ৰিপুৰালৈ গৈ আছিল।
তালাচীৰ সময়ত চেনিভৰ্তি ট্ৰাকখনৰ ভিতৰত ৪৭০টা কাৰ্টনত মুঠ ৪৭ হাজাৰ বটল কফ ছিৰাপ উদ্ধাৰ হয়।
newznow.in