চেনিৰ বস্তাৰ আঁৰত লুকুৱাই বৃহৎ পৰিমাণৰ কফ ছিৰাপ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে কাছাৰ আৰক্ষীয়ে জব্দ কৰে ৪৭ হাজাৰ বটল কফ ছিৰাপ। বৰখলা আৰক্ষীয়ে বালাছড়া টোলগেটত অভিযান চলাই এখন ট্ৰাকৰ পৰা এই ছিৰাপখিনি উদ্ধাৰ কৰে। জব্দ কৰা কফ ছিৰাপখিনিৰ আনুমানিক বজাৰ মূল্য ১ কোটি ২৬ লাখ ৯০ হাজাৰ টকা।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ট্ৰাকখনৰ চালক আৰু সহচালকক আটক কৰিছে আৰক্ষীয়ে। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এম পি ৩৩ এইচ ২০৮৩।

প্ৰাথমিক তথ্য অনুসৰি, ট্ৰাকখন উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা ত্ৰিপুৰালৈ গৈ আছিল। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পাছত যোৱা নিশা বালাছড়া টোলগেটত আৰক্ষীয়ে ট্ৰাকখন ৰখাই তালাচী চলায়।

তালাচীৰ সময়ত চেনিভৰ্তি ট্ৰাকখনৰ ভিতৰত ৪৭০টা কাৰ্টনত মুঠ ৪৭ হাজাৰ বটল কফ ছিৰাপ উদ্ধাৰ হয়। চেনিৰ বস্তাৰ আঁৰত ছিৰাপখিনি লুকুৱাই নিয়াৰ চেষ্টা কৰা হৈছিল বুলি জানিব পৰা গৈছে।

বৰখলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ কুমাৰ হুজুৰিৰ নেতৃত্বত এই অভিযান চলোৱা হয়। আটকাধীন দুয়োকে থানালৈ লৈ গৈ সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই সৰবৰাহৰ আঁৰত কোনো সংগঠিত চক্ৰ জড়িত আছে নেকি, ছিৰাপখিনি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছিল আৰু ইয়াৰ প্ৰকৃত গন্তব্যস্থান ক’ত আছিল, সেই সকলো দিশ তদন্ত কৰিছে আৰক্ষীয়ে।