অসম

ৰহাত এজাক বৰষুণতে পথত একাঠু বোকা: বিধায়কৰ হস্তক্ষেপ বিচাৰি ৰাইজৰ ক্ষোভ

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

নগাঁও জিলাৰ ৰহাৰ ফাকলি গাঁৱৰ এটা জৰাজীৰ্ণ পথে এজাক বৰষুণতে একাঠু বোকাত পৰিণত হোৱাত স্থানীয় ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে।

২ / ৫

ৰহা, ২৩ নৱেম্বৰ: নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুৱাট মৌজাৰ গেৰজাইপাম গাঁও পঞ্চায়তৰ ৯নং ৱাৰ্ডৰ ফাকলি গাঁৱৰ এটা জৰাজীৰ্ণ পথে ৰাইজক চৰম দুৰ্ভোগত পেলাইছে।

৩ / ৫

পথটোৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে সেয়া পথ নে পুখুৰী, ধৰিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে।

৪ / ৫

স্থানীয় ৰাইজে জনোৱা মতে, এই পথটোৰে দৈনিক প্ৰায় এহেজাৰৰো অধিক লোকে অহা-যোৱা কৰে।

৫ / ৫

পথটোৰ এই শোচনীয় অৱস্থা সন্দৰ্ভত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক কেইবাবাৰো অৱগত কৰা হৈছে যদিও আজিলৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি ৰাইজে অভিযোগ তুলিছে।

ৰহাত এজাক বৰষুণতে পথত একাঠু বোকা: বিধায়কৰ হস্তক্ষেপ বিচাৰি ৰাইজৰ ক্ষোভ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক