ৰহা, ২৩ নৱেম্বৰ: নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুৱাট মৌজাৰ গেৰজাইপাম গাঁও পঞ্চায়তৰ ৯নং ৱাৰ্ডৰ ফাকলি গাঁৱৰ এটা জৰাজীৰ্ণ পথে ৰাইজক চৰম দুৰ্ভোগত পেলাইছে। সামান্য এজাক বৰষুণতে পথটোত একাঠু পৰ্যন্ত বোকা হোৱাৰ ফলত যাতায়াত প্ৰায় অসম্ভৱ হৈ পৰিছে। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ এতিয়া যেন ভেঁকো-ভাওনাতহে পৰিণত হৈছে।

পথটোৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে সেয়া পথ নে পুখুৰী, ধৰিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে অৱস্থাত আজি পুৱাৰ ভাগত ক্ষুব্ধ গাঁওবাসীয়ে ওলাই আহি নিজাববীয়াকৈ পথটো মেৰামতিৰ চেষ্টা চলায়। দীৰ্ঘদিন ধৰি সমস্যাটো অব্যাহত থকাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

স্থানীয় ৰাইজে জনোৱা মতে, এই পথটোৰে দৈনিক প্ৰায় এহেজাৰৰো অধিক লোকে অহা-যোৱা কৰে। পথৰ দুৰৱস্থাৰ বাবে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসালয়লৈ যাবলগীয়া ৰোগী তথা জৰুৰী কামত ওলাই যোৱা লোকসকলে জীয়াতু ভুগিবলগীয়া হৈছে।

পথটোৰ এই শোচনীয় অৱস্থা সন্দৰ্ভত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক কেইবাবাৰো অৱগত কৰা হৈছে যদিও আজিলৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি ৰাইজে অভিযোগ তুলিছে। এনে পৰিস্থিতিত গাঁওবাসীয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু বিধায়ক শশীকান্ত দাসৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে। পথটো শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ সুচল ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনায়।