ৰাজনীতি

‘ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধী শিৱ-পাৰ্বতী নেকি?’ ৰাহুল গান্ধীক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

অৰ্ধনাৰীশ্বৰ সম্পৰ্কীয় ছ’চিয়েল মিডিয়া পোষ্টক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

২ / ৫

গুৱাহাটী, ২৩ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অৰ্ধনাৰীশ্বৰ সম্পৰ্কীয় এক ছ’চিয়েল মিডিয়া পোষ্টক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

ৰাহুল গান্ধীয়ে দেওবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এলিফেণ্টা গুহাৰ অৰ্ধনাৰীশ্বৰ মূৰ্তিৰ এখন ছবি প্ৰকাশ কৰিছিল।

৪ / ৫

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মীয় পৰম্পৰাৰ তাৎপৰ্য সম্পূৰ্ণৰূপে বুজি নোপোৱাকৈয়ে সেইবোৰ উল্লেখ কৰিছে।

৫ / ৫

অৰ্ধনাৰীশ্বৰৰ ধৰ্মীয় তাৎপৰ্য ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ৰূপত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ সংযুক্ত প্ৰকাশ প্ৰতিফলিত হয়।

‘ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধী শিৱ-পাৰ্বতী নেকি?’ ৰাহুল গান্ধীক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক