গুৱাহাটী, ২৩ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অৰ্ধনাৰীশ্বৰ সম্পৰ্কীয় এক ছ’চিয়েল মিডিয়া পোষ্টক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে ৰাহুল গান্ধীক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধী এতিয়া শিৱ আৰু পাৰ্বতী নেকি।

ৰাহুল গান্ধীয়ে দেওবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এলিফেণ্টা গুহাৰ অৰ্ধনাৰীশ্বৰ মূৰ্তিৰ এখন ছবি প্ৰকাশ কৰিছিল। ভাৰতৰ আধ্যাত্মিক আৰু ধৰ্মীয় পৰম্পৰাৰ গভীৰ অধ্যয়নে সেইবোৰৰ প্ৰতি তেওঁৰ বুজাবুজি অধিক স্পষ্ট কৰিছে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে পোষ্টটোত উল্লেখ কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মীয় পৰম্পৰাৰ তাৎপৰ্য সম্পূৰ্ণৰূপে বুজি নোপোৱাকৈয়ে সেইবোৰ উল্লেখ কৰিছে। নতুনকৈ ধৰ্মীয় পৰম্পৰা আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰা লোকসকলে অৰ্থ নুবুজাকৈ ব্যৱহাৰ কৰিলে এনেকুৱাই হয় বুলিও তেওঁ মন্তব্য কৰে।

অৰ্ধনাৰীশ্বৰৰ ধৰ্মীয় তাৎপৰ্য ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ৰূপত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ সংযুক্ত প্ৰকাশ প্ৰতিফলিত হয়। ই হৈছে শিৱ আৰু শক্তিৰ ঐক্য, চেতনা আৰু শক্তিৰ সম্পৰ্ক তথা পুৰুষ আৰু নাৰীৰ মাজৰ ভাৰসাম্যৰ প্ৰতীক। ধৰ্মীয় পৰম্পৰাৰ বিষয়ে কোৱাৰ আগতে সেইবোৰ বুজিবলৈ চেষ্টা কৰিবলৈও তেওঁ ৰাহুল গান্ধীক আহ্বান জনায়।

বিতৰ্কৰ আৰম্ভণি

ছোনিয়া গান্ধীৰ আত্মজীৱনী ‘Belonging: A Journey of Love’ উন্মোচনৰ অনুষ্ঠানত ৰাহুল গান্ধীয়ে পিতৃ-মাতৃৰ মাজৰ সম্পৰ্কৰ স্মৃতি ৰোমন্থন কৰিছিল। পৰিয়ালত পিতৃ ৰাজীৱ গান্ধী আৰু মাতৃ ছোনিয়া গান্ধীয়ে কেনেদৰে মৰম-স্নেহ প্ৰকাশ কৰিছিল, সেই বিষয়ে তেওঁ উল্লেখ কৰিছিল। সৰুৰে পৰা পিতৃ-মাতৃৰ মাজত এনে সম্পৰ্ক দেখি ডাঙৰ হোৱাৰ পাছত বন্ধুবৰ্গৰ পৰিয়ালত একে ধৰণৰ সম্পৰ্ক নেদেখি তেওঁ আচৰিত হৈছিল বুলি মন্তব্য কৰিছিল।

ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেও সমালোচনা কৰিছিল। কংগ্ৰেছে ৰাহুল গান্ধীৰ মন্তব্যক সমৰ্থন কৰি প্ৰেম আৰু সম্পৰ্কত সমতাৰ বিষয়ে এক বৃহত্তৰ আলোচনাৰ সূচনা কৰা বুলি স্থিতি লৈছিল। ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে অৰ্ধনাৰীশ্বৰৰ ছবি প্ৰকাশ কৰাত পুনৰ নতুন ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে।