দুলীয়াজানৰ চাঞ্চল্যকৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ তদন্তত নতুন মোৰ।
হোটেলখনৰ সৈতে হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে অথবা ঘটনাৰ পিছত দুই অভিযুক্তৰ কোনো ধৰণৰ সম্পৰ্ক আছিল নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখ্য যে, আজি দ্বিতীয়বাৰৰ বাবেও ডিব্ৰুগড় আৰক্ষীৰ এটা বৃহৎ দলে দুই অভিযুক্তক লগত লৈ তিনিচুকীয়াৰ বিভিন্ন স্থানত অভিযান চলায়।
উল্লেখযোগ্য যে, যোৱা ১৬ নৱেম্বৰত দুলীয়াজানৰ কমলাবাৰীত সংঘটিত হৈছিল এই ভয়ংকৰ হত্যাকাণ্ড।
এতিয়া হোটেলখনৰ সৈতে অভিযুক্ত দুজনৰ সম্পৰ্ক আৰু হত্যাকাণ্ডৰ সৈতে আন কোনো লোকৰ সম্ভাব্য সংযোগ বিচাৰি তদন্ত চলাইছে আৰক্ষীয়ে।
newznow.in