দুলীয়াজানৰ চাঞ্চল্যকৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ তদন্তত নতুন মোৰ। হত্যাকাণ্ডৰ সৈতে জড়িত আন কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ সম্পৰ্ক আছে নেকি, সেই দিশটো চালি-জাৰি চাইছে ডিব্ৰুগড় আৰক্ষীয়ে। এইবাৰ আৰক্ষীৰ তদন্তৰ আওতালৈ আহিছে তিনিচুকীয়াৰ তিনিকোণীয়াস্থিত এখন হোটেল।
হোটেলখনৰ সৈতে হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে অথবা ঘটনাৰ পিছত দুই অভিযুক্তৰ কোনো ধৰণৰ সম্পৰ্ক আছিল নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। দুই অভিযুক্তক লগত লৈ হোটেলখনত উপস্থিত হৈ বিভিন্ন দিশ পৰীক্ষা কৰিছে তদন্তকাৰী দলে। অৱশ্যে এই পৰ্যন্ত হোটেলখনৰ সৈতে আন কোনো ব্যক্তিৰ জড়িত থকাৰ তথ্য নিশ্চিত হোৱা নাই।
উল্লেখ্য যে, আজি দ্বিতীয়বাৰৰ বাবেও ডিব্ৰুগড় আৰক্ষীৰ এটা বৃহৎ দলে দুই অভিযুক্তক লগত লৈ তিনিচুকীয়াৰ বিভিন্ন স্থানত অভিযান চলায়। হত্যাকাণ্ডৰ আঁৰত আন কোনো ব্যক্তি জড়িত আছে নেকি, অথবা ঘটনাৰ পূৰ্বে আৰু পিছত সংঘটিত হোৱা কোনো গুৰুত্বপূৰ্ণ ঘটনা বা গোপন তথ্য আছে নেকি, সেই সকলো দিশ তদন্তৰ আওতালৈ আনিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে, যোৱা ১৬ নৱেম্বৰত দুলীয়াজানৰ কমলাবাৰীত সংঘটিত হৈছিল এই ভয়ংকৰ হত্যাকাণ্ড। ঘৰৰ ভিতৰতে পিতৃ, মাতৃ আৰু তেওঁলোকৰ কন্যাক নৃশংসভাৱে হত্যা কৰা হৈছিল। ঘটনাৰ পিছতে আৰক্ষীয়ে শিমলুগুৰি ৰে’ল ষ্টেচনৰ পৰা দুই অভিযুক্ত ৰাজু দাস আৰু আমিৰ দাসক আটক কৰিছিল।
এতিয়া হোটেলখনৰ সৈতে অভিযুক্ত দুজনৰ সম্পৰ্ক আৰু হত্যাকাণ্ডৰ সৈতে আন কোনো লোকৰ সম্ভাব্য সংযোগ বিচাৰি তদন্ত চলাইছে আৰক্ষীয়ে। তদন্তৰ পৰৱৰ্তী অগ্ৰগতিত এই হত্যাকাণ্ডৰ সৈতে জড়িত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।