হাৰিয়ানাৰ হিসাৰত সামৰিক অনুশীলনৰ সময়ত টেংকৰ তলত পৰি কৰুণ মৃত্যুক সাবটি লয় ভাৰতীয় সেনাৰ দুই জোৱানে।
নতুন দিল্লী, ২৩ নৱেম্বৰ: হাৰিয়ানাৰ হিসাৰত সেনাৰ সামৰিক অনুশীলন চলি থকাৰ সময়তে সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।
নিহত জোৱান দুগৰাকী নায়ক মনীষ কুমাৰ আৰু নায়ক অংকুশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে প্ৰায় ৩২খন টেংক লৈ এক সামৰিক অনুশীলন চলি আছিল।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জোৱান দুগৰাকীক ততাতৈয়াকৈ হিসাৰৰ সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।
newznow.in