নতুন দিল্লী, ২৩ নৱেম্বৰ: হাৰিয়ানাৰ হিসাৰত সেনাৰ সামৰিক অনুশীলন চলি থকাৰ সময়তে সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। অনুশীলনৰ মাজতে টেংকৰ চেপাত পৰি ভাৰতীয় সেনাৰ দুই জোৱানৰ কৰুণ মৃত্যু ঘটে।

নিহত জোৱান দুগৰাকী নায়ক মনীষ কুমাৰ আৰু নায়ক অংকুশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে প্ৰায় ৩২খন টেংক লৈ এক সামৰিক অনুশীলন চলি আছিল। সেই সময়ত সৃষ্টি হোৱা ধূলিৰ ডাঠ আৱৰণৰ বাবে টেংকৰ চালকৰ সন্মুখৰ দৃশ্য বাধাগ্ৰস্ত হয়। ফলস্বৰূপে সন্মুখৰ পথ স্পষ্টকৈ দেখা নোপোৱাত চালকজনে টেংকখন আগুৱাই লৈ যায় আৰু সন্মুখত থকা জোৱান দুগৰাকীৰ ওপৰেৰে পাৰ হৈ যায়।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জোৱান দুগৰাকীক ততাতৈয়াকৈ হিসাৰৰ সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।

নিহত মনীষ কুমাৰৰ ঘৰ উত্তৰ প্ৰদেশৰ শামলীত আৰু অংকুশ কুমাৰৰ ঘৰ উত্তৰ প্ৰদেশৰ বদায়ুঁত। সেনা কৰ্তৃপক্ষক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে আৰু জোৱান দুগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

কৰ্তব্যৰত অৱস্থাত সেনা জোৱান দুগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি হিসাৰ আৰক্ষীয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই শোকাৱহ ঘটনাই সেনা শিবিৰতো গভীৰ শোকৰ ছাঁ পেলাইছে।