শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা শৈলেন কলিতাই।
গুৱাহাটী, ২৩ নৱেম্বৰ: শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা শৈলেন কলিতাই।
শৈলেন কলিতাৰ অভিযোগ অনুসৰি, ২০১৩ চনত অখিল গগৈৰ বাসগৃহত কৰ্মৰত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰা হৈছিল আৰু পাছত চিকিৎসকৰ জৰিয়তে গৰ্ভপাত কৰোৱা হৈছিল।
বিজেপি নেতাগৰাকীয়ে দাবী কৰা মতে, ২০১৫ চনত সংশ্লিষ্ট গাঁওখনত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে এই অভিযোগসমূহ উত্থাপন কৰিছিল।
তেওঁ দাবী কৰে যে পাছত গাঁওবাসীৰ সন্মুখত উপস্থিত হৈ অখিল গগৈয়ে ক্ষমা বিচাৰিছিল আৰু নাবালিকাগৰাকীৰ স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে ভৱিষ্যতৰ সকলো দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিছিল।
newznow.in