গুৱাহাটী, ২৩ নৱেম্বৰ: শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা শৈলেন কলিতাই। সামাজিক মাধ্যমত সম্প্ৰচাৰিত এক লাইভ অনুষ্ঠানত বিজেপি নেতাগৰাকীয়ে দাবী কৰে যে ২০১৩ চনত এগৰাকী ১৩ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱা হৈছিল।

শৈলেন কলিতাৰ অভিযোগ অনুসৰি, ২০১৩ চনত অখিল গগৈৰ বাসগৃহত কৰ্মৰত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰা হৈছিল আৰু পাছত চিকিৎসকৰ জৰিয়তে গৰ্ভপাত কৰোৱা হৈছিল। অৱশ্যে এই গুৰুতৰ অভিযোগৰ সপক্ষে তেওঁ কোনো নিৰ্ভৰযোগ্য প্ৰমাণ দাঙি ধৰা নাই।

বিজেপি নেতাগৰাকীয়ে দাবী কৰা মতে, ২০১৫ চনত সংশ্লিষ্ট গাঁওখনত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে এই অভিযোগসমূহ উত্থাপন কৰিছিল। পৰৱৰ্তী সময়ত গাঁওবাসীয়ে বিষয়টোক লৈ এখন বিচাৰ সভা অনুষ্ঠিত কৰাৰো চেষ্টা চলাইছিল যদিও সেই সভা বন্ধ কৰিবলৈ ধনৰ বিনিময়ত একাংশ লোকক নিয়োগ কৰা হৈছিল বুলিও তেওঁ অভিযোগ কৰে।

তেওঁ দাবী কৰে যে পাছত গাঁওবাসীৰ সন্মুখত উপস্থিত হৈ অখিল গগৈয়ে ক্ষমা বিচাৰিছিল আৰু নাবালিকাগৰাকীৰ স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে ভৱিষ্যতৰ সকলো দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে এই দাবীসমূহৰো কোনো স্বাধীন সত্যতা নিশ্চিত হোৱা নাই।

বিজেপি নেতা শৈলেন কলিতাই বিধায়ক অখিল গগৈক এই অভিযোগসমূহৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়। অভিযোগ ভিত্তিহীন হ'লে সংবাদমেলযোগে ৰাজহুৱাভাৱে স্পষ্টীকৰণ দিবলৈ তেওঁ প্ৰত্যাহ্বান জনায়। ইয়াৰ উপৰি ২০১৫ চনত অভিযোগ উত্থাপন কৰা ব্যক্তিগৰাকীৰ বিৰুদ্ধে অখিল গগৈয়ে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰিছিল নেকি, সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰে বিজেপি নেতাগৰাকীয়ে।

লাইভ অনুষ্ঠানটোত শৈলেন কলিতাই অখিল গগৈৰ ৰাজনৈতিক কাৰ্যকলাপ আৰু বিভিন্ন বিষয়ত গ্ৰহণ কৰা স্থিতিৰো তীব্ৰ সমালোচনা কৰে। ইপিনে শৈলেন কলিতাই উত্থাপন কৰা অভিযোগসমূহৰ সত্যতা এইপৰ্যন্ত স্বাধীনভাৱে নিশ্চিত হোৱা নাই। এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া অথবা ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত কোনো এজাহাৰ বা গোচৰ ৰুজু হৈছে নেকি, সেই বিষয়েও এতিয়ালৈকে জানিব পৰা হোৱা নাই।