ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগক তীব্ৰ সমালোচনা বিজেপি নেতা নীতিন নবীনৰ।
তেলেংগানা, ২৩ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভোট চুৰি’ৰ অভিযোগক লৈ সৰৱ হৈ পৰিছে বিজেপি।
তেলেংগানাৰ কৰিমনগৰত সোমবাৰে অনুষ্ঠিত দলীয় এখন সভাত অংশ লৈ বিজেপি নেতাগৰাকীয়ে ৰাহুল গান্ধীৰ অভিযোগসমূহৰ প্ৰত্যুত্তৰ দিয়ে।
ৰাহুল গান্ধীয়ে ১৩ কোটি লোকৰ ভোট চুৰি হোৱা বুলি কৰা দাবীক প্ৰত্যাহ্বান জনায় নীতিন নবীনে।
ইয়াৰ উপৰি ২০০৩ চনত নিৰ্বাচন আয়োগে ঠিকনা সম্পৰ্কে অনুসন্ধান চলোৱা ৩ কোটি লোকৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই লোকসকলৰ অৱস্থান সন্দৰ্ভত কোনো স্পষ্ট তথ্য নাই।
newznow.in