তেলেংগানা, ২৩ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভোট চুৰি’ৰ অভিযোগক লৈ সৰৱ হৈ পৰিছে বিজেপি। দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁটৰ সমাৱেশক তীব্ৰ কটাক্ষ কৰি বিজেপি নেতা নীতিন নবীনে দাবী কৰে যে সকলো প্ৰচেষ্টা চলোৱাৰ পাছতো ইণ্ডিয়া মিত্ৰজোঁটে ময়দানখনৰ আধা অংশও পূৰণ কৰিবলৈ সক্ষম নহ’ল।
তেলেংগানাৰ কৰিমনগৰত সোমবাৰে অনুষ্ঠিত দলীয় এখন সভাত অংশ লৈ বিজেপি নেতাগৰাকীয়ে ৰাহুল গান্ধীৰ অভিযোগসমূহৰ প্ৰত্যুত্তৰ দিয়ে। তেওঁ কয় যে ৰাহুল গান্ধীয়ে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি থাকিলেও দেশৰ সাধাৰণ জনতা বিজেপিৰ পক্ষত আছে। বিজেপিৰ কৰ্মীসকলে দেশৰ ২০০ৰো অধিক স্থানত ৰামলীলা ময়দানতকৈও অধিক লোকৰ সমাগম ঘটাইছে বুলি তেওঁ দাবী কৰে।
১৩ কোটি ভোট চুৰিৰ অভিযোগক লৈ প্ৰশ্ন
ৰাহুল গান্ধীয়ে ১৩ কোটি লোকৰ ভোট চুৰি হোৱা বুলি কৰা দাবীক প্ৰত্যাহ্বান জনায় নীতিন নবীনে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ভোটাৰ তালিকাত আৰু ৩ কোটি লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ কি প্ৰয়োজন আছে? তেওঁৰ মতে, ৬ কোটিতকৈ অধিক লোকে ইতিমধ্যে নিজৰ বাসস্থান সলনি কৰিছে আৰু তেলেংগানাতো বহু লোকে ভোটাৰ তালিকাৰ নাম স্থানান্তৰ কৰিছে। এনে পৰিস্থিতিত এজন ব্যক্তিয়ে দুবাৰকৈ ভোটদান কৰিব পাৰিব নেকি বুলিও তেওঁ প্ৰশ্ন তোলে।
ইয়াৰ উপৰি ২০০৩ চনত নিৰ্বাচন আয়োগে ঠিকনা সম্পৰ্কে অনুসন্ধান চলোৱা ৩ কোটি লোকৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই লোকসকলৰ অৱস্থান সন্দৰ্ভত কোনো স্পষ্ট তথ্য নাই। এই লোকসকলক ‘অনুপ্ৰৱেশকাৰী’ বুলি আখ্যা দি বিজেপি নেতাগৰাকীয়ে অভিযোগ কৰে যে ৰাহুল গান্ধীয়ে তেওঁলোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ পক্ষপাতী হৈছে।
সংবিধান আৰু জৰুৰীকালীন অৱস্থাক লৈ সমালোচনা
কংগ্ৰেছ দলক লক্ষ্য কৰি নীতিন নবীনে মন্তব্য কৰে যে কংগ্ৰেছ নেতাসকলে হাতত সংবিধানৰ প্ৰতিলিপি লৈ ঘূৰি ফুৰে, কিন্তু বিজেপিৰ অন্তৰতহে সংবিধানৰ প্ৰতি প্ৰকৃত সন্মান আছে। বিজেপিয়ে সদায় সাংবিধানিক প্ৰতিষ্ঠানসমূহক সন্মান জনাই আহিছে বুলিও তেওঁ দাবী কৰে।
জৰুৰীকালীন অৱস্থাৰ প্ৰসংগ টানি আনি তেওঁ কংগ্ৰেছক গণতন্ত্ৰৰ হত্যাকাৰী আখ্যা দিয়ে। নিজৰ ক্ষমতা ৰক্ষা কৰিবলৈ জৰুৰীকালীন অৱস্থা জাৰি কৰা সকলে আজি গণতন্ত্ৰৰ পাঠ পঢ়ুৱাইছে বুলি তেওঁ কটাক্ষ কৰে।
অৰ্থনীতি আৰু ভৱিষ্যত ৰাজনীতি
ভাৰতৰ অৰ্থনীতি দুৰ্বল বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যকো তেওঁ তীব্ৰ সমালোচনা কৰে। ভাৰতৰ অৰ্থনীতিয়ে বিশ্বজুৰি অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশখন ‘ফ্ৰেজাইল ফাইভ’ৰ পৰা ওলাই বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। ২০২৯ চনতো পুনৰ নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিব বুলি তেওঁ দৃঢ়তাৰে ব্যক্ত কৰে।