সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান গ্ৰহণৰ ৬০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গুৱাহাটীত বছৰজোৰা হীৰক জয়ন্তীৰ শুভাৰম্ভ।
গুৱাহাটী, ২৩ নৱেম্বৰ: সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ সংবিধান গ্ৰহণৰ ৬০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সোমবাৰৰ পৰা হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা আৰু নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা…
আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ঘোষণা কৰে যে অহা এবছৰ ধৰি ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে হীৰক জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।
হীৰক জয়ন্তী উপলক্ষে প্ৰস্তুত কৰা প্ৰতীকচিহ্নটোত আছুৰ ছটা দশকৰ যাত্ৰা আৰু সংগ্ৰামৰ দিশসমূহ তুলি ধৰা হৈছে।
newznow.in