গুৱাহাটী, ২৩ নৱেম্বৰ: সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ সংবিধান গ্ৰহণৰ ৬০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সোমবাৰৰ পৰা হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত সংগঠনটোৰ কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলনত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে হীৰক জয়ন্তী বৰ্ষৰ বাবে প্ৰস্তুত কৰা এক নতুন প্ৰতীকচিহ্ন উন্মোচন কৰা হয়।
AASU Launches Year-Long Celebrations for 60th Anniversary, Unveils New Logo in Guwahati
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা আৰু নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। তেওঁলোকৰ উপস্থিতিতে সংগঠনটোৰ নতুন প্ৰতীকচিহ্নটো উন্মোচন কৰা হয়।
আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ঘোষণা কৰে যে অহা এবছৰ ধৰি ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে হীৰক জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ আৰু খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত সংগঠনটোৱে নিৰৱচ্ছিন্নভাৱে কাম কৰি যাব বুলি উল্লেখ কৰি তেওঁ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা বিচাৰে।
সংগ্ৰাম আৰু শিক্ষাৰ প্ৰতিফলন নতুন প্ৰতীকচিহ্নত
হীৰক জয়ন্তী উপলক্ষে প্ৰস্তুত কৰা প্ৰতীকচিহ্নটোত আছুৰ ছটা দশকৰ যাত্ৰা আৰু সংগ্ৰামৰ দিশসমূহ তুলি ধৰা হৈছে। ইয়াত থকা জোঁৰটোৱে আন্ধাৰ নাশ আৰু সাহসক প্ৰতিনিধিত্ব কৰিছে। আনহাতে, মুঠি মাৰি ধৰা হাতত থকা কলমে শিক্ষা আৰু সংগ্ৰামৰ সমন্বয় তথা মুকলি কিতাপখনে জ্ঞান আৰু প্ৰগতিশীল চিন্তাধাৰাক প্ৰতিফলিত কৰিছে। ইয়াৰ ৰঙা ৰঙে ত্যাগ আৰু সাহস, সেউজীয়া ৰঙে সমৃদ্ধি আৰু নীলা ৰঙে ধাৰাবাহিকতাক সূচাইছে।
কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলনত শিক্ষা ব্যৱস্থাৰ সংস্কাৰ, অসমীয়া ভাষাৰ সংৰক্ষণ আৰু খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ বিষয়সমূহক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) পুনৰীক্ষণ, ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু নাগৰিকত্ব সংশোধনী আইন (কা)-ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলাই থকা আইনী যুঁজ সন্দৰ্ভতো স্থিতি দোহাৰে ছাত্ৰ সংগঠনটোৱে। লগতে গ্ৰামাঞ্চলত পুথিভঁৰাল স্থাপনৰ দাবী উত্থাপন কৰা হয়।
ভাষণ প্ৰসংগত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাই কয় যে কেৱল ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাৰ অস্তিত্ব সুৰক্ষিত কৰিব নোৱাৰে, ইয়াৰ বাবে দৈনন্দিন ব্যৱহাৰ আৰু চৰ্চা বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজনীয়।
উল্লেখ্য যে ১৯৬৭ চনৰ ৮ আগষ্টত তেজপুৰত অনুষ্ঠিত অধিৱেশনত আছুৱে আনুষ্ঠানিকভাৱে সংবিধান গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৭২ চনৰ মাধ্যম আন্দোলন আৰু ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ঐতিহাসিক অসম আন্দোলনত আছুৱে মূল ভূমিকা পালন কৰিছিল। পূৰ্বে চলিত বৰ্ষৰ ৮ আগষ্টৰ পৰাই এই হীৰক জয়ন্তী আৰম্ভ কৰাৰ কথা আছিল যদিও উজনি অসমৰ বান পৰিস্থিতিৰ বাবে সন্মিলন পিছুৱাই দি অৱশেষত ২৩ নৱেম্বৰত আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।