অসম

ডিগবৈ আৰক্ষী প্ৰশাসনৰ ব্যাপক যানবাহন তালাচী অভিযানঃ নিয়ম নমনা চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

ডিগবৈ, ২৩ নৱেম্বৰ: যান-বাহন চলাচল নিয়ন্ত্ৰণ আৰু পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ডিগবৈ সমজিলা আৰক্ষী প্ৰশাসনে নগৰখনৰ বিভিন্ন স্থানত ব্যাপক তালাচী অভিযান চলায়।

২ / ৫

ইয়াৰ সমান্তৰালভাৱে টিংৰাই বজাৰ, পাৱৈ বজাৰ আৰু এ অ’ ডি স্কুলৰ সমীপৰ অটোৰিক্সা ষ্টেণ্ডতো সজাগতা অভিযান চলোৱা হয়।

৩ / ৫

অভিযানৰ সময়ত অটোৰিক্সা চালক আৰু পৰিচালকসকলক যান-বাহন চলাচলৰ নিয়ম, Motor Vehicles Act-ৰ বিভিন্ন বিধান আৰু সংশ্লিষ্ট আইনগত বিষয়সমূহৰ বিষয়ে অৱগত কৰা হয়।

৪ / ৫

সকলো চালককে যান-বাহন চলাচলৰ নিয়ম মানি চলা, বাহনৰ প্ৰয়োজনীয় নথি-পত্ৰ লগত ৰখা আৰু নিজৰ লগতে আন পথ ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায় আৰক্ষীয়ে।

৫ / ৫

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ডিগবৈ সমজিলা আৰক্ষী প্ৰশাসনে নগৰখনত নিয়মীয়াকৈ যান-বাহনৰ নথি-পত্ৰ পৰীক্ষাৰ অভিযান চলাই আহিছে।

ডিগবৈ আৰক্ষী প্ৰশাসনৰ ব্যাপক যানবাহন তালাচী অভিযানঃ নিয়ম নমনা চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক