ডিগবৈ, ২৩ নৱেম্বৰ: যান-বাহন চলাচল নিয়ন্ত্ৰণ আৰু পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ডিগবৈ সমজিলা আৰক্ষী প্ৰশাসনে নগৰখনৰ বিভিন্ন স্থানত ব্যাপক তালাচী অভিযান চলায়। সোমবাৰে সন্ধিয়া ডিগবৈ-ডুলিয়াজান পথৰ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ সন্মুখত চাৰিচকীয়া আৰু দুচকীয়া বাহনৰ যাৱতীয় নথি-পত্ৰ পৰীক্ষা কৰে আৰক্ষীৰ দলে।
ইয়াৰ সমান্তৰালভাৱে টিংৰাই বজাৰ, পাৱৈ বজাৰ আৰু এ অ’ ডি স্কুলৰ সমীপৰ অটোৰিক্সা ষ্টেণ্ডতো সজাগতা অভিযান চলোৱা হয়। ডিগবৈ সমজিলাৰ আৰক্ষী অধীক্ষক হিমাংশু গোঁহাইৰ নেতৃত্বত আৰু ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়াৰ সহযোগত আৰক্ষীৰ এটা বৃহৎ দলে এই অভিযানত অংশগ্ৰহণ কৰে।
অভিযানৰ সময়ত অটোৰিক্সা চালক আৰু পৰিচালকসকলক যান-বাহন চলাচলৰ নিয়ম, Motor Vehicles Act-ৰ বিভিন্ন বিধান আৰু সংশ্লিষ্ট আইনগত বিষয়সমূহৰ বিষয়ে অৱগত কৰা হয়। বিশেষকৈ অটোৰিক্সা চালকসকলক মটৰ ভেহিকলছ এক্টৰ বিধানসমূহ বিশদভাৱে বুজাই দিয়া হয়। লগতে যান-বাহন আইন উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে।
সকলো চালককে যান-বাহন চলাচলৰ নিয়ম মানি চলা, বাহনৰ প্ৰয়োজনীয় নথি-পত্ৰ লগত ৰখা আৰু নিজৰ লগতে আন পথ ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায় আৰক্ষীয়ে।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি ডিগবৈ সমজিলা আৰক্ষী প্ৰশাসনে নগৰখনত নিয়মীয়াকৈ যান-বাহনৰ নথি-পত্ৰ পৰীক্ষাৰ অভিযান চলাই আহিছে। আৰক্ষীৰ এই ধাৰাবাহিক অভিযানৰ পিছত নগৰখনত দুচকীয়া বাহন চলোৱা অধিকাংশ লোককে হেলমেট পৰিধান কৰা দেখা গৈছে।
আনহাতে, নিয়মীয়া তালাচীৰ সময়ত যাৱতীয় নথি-পত্ৰ আৰু বৈধ অনুজ্ঞাপত্ৰ অবিহনে বাহন চলোৱা চালকসকলৰ বিৰুদ্ধে জৰিমনা বিহা হৈছে। যান-বাহন আইন মানি চলাৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহ’ব বুলি আৰক্ষীৰ এই অভিযানৰ জৰিয়তে স্পষ্ট বাৰ্তা দিয়া হৈছে।