‘কফি উইথ কৰণ’ৰ নৱম ছিজনত একেলগে উপস্থিত হ’ব অক্ষয় কুমাৰ আৰু ৰবি কিষাণ।
নতুন দিল্লী, ২৩ নৱেম্বৰ: জনপ্ৰিয় চেলিব্ৰিটী টক শ্ব’ ‘কফি উইথ কৰণ’ৰ নৱম ছিজনত এইবাৰ একেলগে দেখা যাব বলীউড তাৰকা অক্ষয় কুমাৰ আৰু অভিনেতা তথা ৰাজনীতিক ৰবি কিষাণক।
অনুষ্ঠানটোৰ আঁত ধৰোঁতা কৰণ জোহৰে অক্ষয় কুমাৰক পৰিচয় কৰাই দিয়াৰ পাছত ৰবি কিষাণক অনুষ্ঠানলৈ আদৰণি জনায়।
অনুষ্ঠানটোত অক্ষয় কুমাৰে ৰবি কিষাণৰ হাস্যৰসাত্মক অভিনয়ৰ প্ৰশংসা কৰাৰ লগতে তেওঁক এগৰাকী আৱেগিক ব্যক্তি বুলিও অভিহিত কৰে।
প্ৰ’ম’টোত ৰবি কিষাণে অক্ষয় কুমাৰক নিজৰ জনপ্ৰিয় নৃত্যৰ পদক্ষেপ শিকোৱাও দেখা গৈছে।
newznow.in