নতুন দিল্লী, ২৩ নৱেম্বৰ: জনপ্ৰিয় চেলিব্ৰিটী টক শ্ব’ ‘কফি উইথ কৰণ’ৰ নৱম ছিজনত এইবাৰ একেলগে দেখা যাব বলীউড তাৰকা অক্ষয় কুমাৰ আৰু অভিনেতা তথা ৰাজনীতিক ৰবি কিষাণক। অনুষ্ঠানটোৰ নতুন প্ৰ’ম’ মুকলি হোৱাৰ পাছতে দুয়োগৰাকী অভিনেতাৰ ৰসাল কথোপকথন আৰু ধেমেলীয়া মন্তব্যক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ যৌনতা আৰু শৰীৰচৰ্চাক লৈ অক্ষয় কুমাৰে কৰা এক মন্তব্যই দৰ্শকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে।

অনুষ্ঠানটোৰ আঁত ধৰোঁতা কৰণ জোহৰে অক্ষয় কুমাৰক পৰিচয় কৰাই দিয়াৰ পাছত ৰবি কিষাণক অনুষ্ঠানলৈ আদৰণি জনায়। কৰণে ৰবি কিষাণক ‘বিহাৰৰ ব্ৰেড পিট’ বুলি অভিহিত কৰাৰ লগতে তেওঁ নতুন প্ৰজন্মৰ মাজত অত্যন্ত জনপ্ৰিয় বুলিও উল্লেখ কৰে। ৰবি কিষাণ আৰু নিজক একেলগে অনুষ্ঠানলৈ অনাৰ পৰামৰ্শ অক্ষয় কুমাৰে নিজেই দিয়া বুলি কৰণ জোহৰে প্ৰকাশ কৰে।

অনুষ্ঠানটোত অক্ষয় কুমাৰে ৰবি কিষাণৰ হাস্যৰসাত্মক অভিনয়ৰ প্ৰশংসা কৰাৰ লগতে তেওঁক এগৰাকী আৱেগিক ব্যক্তি বুলিও অভিহিত কৰে। ইয়াৰ পাছতে ৰবি কিষাণে নিজৰ জীৱন সংগ্ৰামৰ কথা সোঁৱৰি কয় যে বহুতে জীৱনত খোজ কাঢ়ি আগবাঢ়ে, কিন্তু তেওঁ বহু কষ্ট কৰি বগুৱা বাইহে নিজৰ লক্ষ্যত উপনীত হৈছে। এই কথাত অক্ষয় কুমাৰ আৱেগিক হৈ পৰে আৰু দুয়োগৰাকী অভিনেতাই পৰস্পৰক আলিংগন কৰে।

প্ৰ’ম’টোত ৰবি কিষাণে অক্ষয় কুমাৰক নিজৰ জনপ্ৰিয় নৃত্যৰ পদক্ষেপ শিকোৱাও দেখা গৈছে। দুয়োগৰাকী অভিনেতাই একেলগে নৃত্য কৰি অনুষ্ঠানটোত হাঁহি-ধেমালিৰ আমোদজনক পৰিৱেশ সৃষ্টি কৰে।

ইয়াৰ মাজতে কৰণ জোহৰে অক্ষয় কুমাৰক এক আমোদজনক প্ৰশ্ন সোধে। কৰণে সোধে যে এবছৰ যৌন সম্পৰ্কৰ পৰা আঁতৰি থকা নে এবছৰ শৰীৰচৰ্চা নকৰাকৈ থকা—এই দুটাৰ মাজত তেওঁ কোনটো বাছি ল’ব। ইয়াৰ উত্তৰত অক্ষয় কুমাৰে ধেমেলীয়া ভংগীৰে কয়, “যৌনতাই জানো আটাইতকৈ ভাল ব্যায়াম নহয়?” এই উত্তৰ শুনি কৰণ জোহৰ আৰু ৰবি কিষাণ হাঁহিত ফাটি পৰে।

উল্লেখ্য যে, ‘কফি উইথ কৰণ’ত এয়া ৰবি কিষাণৰ প্ৰথম উপস্থিতি। আনহাতে অক্ষয় কুমাৰে পূৰ্বেও এই অনুষ্ঠানৰ কেইবাটাও ছিজনত অংশ লৈছে। এই নতুন খণ্ডটো অহা ২৫ নৱেম্বৰ, বুধবাৰে সন্ধিয়া ৭ বজাত সম্প্ৰচাৰিত হ’ব।