হেলেনা ভৰালীৰ পৰিয়ালৰ ওপৰত হোৱা গুলীচালনাৰ পূৰ্বে গাড়ী পাৰ্কিঙক লৈ ঘনকান্ত গগৈ আৰু দেৱৰ্ষি কাশ্যপৰ মাজত বাক্বিতণ্ডা হৈছিল বুলি বিধায়ক দীপক কুমাৰ দাসৰ সন্মুখত বিৱৰণ দিয়ে আহত সত্যেন্দ্ৰ পাঠকে।
গুৱাহাটী, ৩ নৱেম্বৰ: হেলেনা ভৰালীৰ পৰিয়ালৰ পাঁচগৰাকী লোকৰ মৃত্যুৰ কাৰণ হোৱা গুৱাহাটীৰ হোটেল বিলাস ইন গুলীচালনাৰ ঘটনাক লৈ নতুন বিৱৰণ দিলে আহত সত্যেন্দ্ৰ পাঠকে।
বিধায়ক দীপক কুমাৰ দাসৰ সন্মুখত ঘটনাৰ বিৱৰণ দাঙি ধৰে সত্যেন্দ্ৰই।
সত্যেন্দ্ৰৰ বৰ্ণনা অনুসৰি, গাড়ী ৰখাক লৈ আৰম্ভ হৈছিল দুয়োপক্ষৰ মাজৰ মতানৈক্য।
পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে বুলি জানিবলৈ দিয়ে সত্যেন্দ্ৰই।
newznow.in