গুৱাহাটী, ৩ নৱেম্বৰ: হেলেনা ভৰালীৰ পৰিয়ালৰ পাঁচগৰাকী লোকৰ মৃত্যুৰ কাৰণ হোৱা গুৱাহাটীৰ হোটেল বিলাস ইন গুলীচালনাৰ ঘটনাক লৈ নতুন বিৱৰণ দিলে আহত সত্যেন্দ্ৰ পাঠকে।

বিধায়ক দীপক কুমাৰ দাসৰ সন্মুখত ঘটনাৰ বিৱৰণ দাঙি ধৰে সত্যেন্দ্ৰই। তেওঁৰ ভাষ্য অনুসৰি, গুলীচালনাৰ পূৰ্বে প্ৰথমে গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি ঘনকান্ত গগৈ আৰু হেলেনা ভৰালীৰ পুত্ৰ দেৱৰ্ষি কাশ্যপৰ মাজত বাক্‌বিতণ্ডাৰ সৃষ্টি হৈছিল।

গাড়ী পাৰ্কিঙক লৈ প্ৰথমে কাজিয়া

সত্যেন্দ্ৰৰ বৰ্ণনা অনুসৰি, গাড়ী ৰখাক লৈ আৰম্ভ হৈছিল দুয়োপক্ষৰ মাজৰ মতানৈক্য। এই ঘটনাত দেৱৰ্ষি কাশ্যপৰ সৈতে ঘনকান্ত গগৈৰ বাক্‌বিতণ্ডা হৈছিল।

পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে বুলি জানিবলৈ দিয়ে সত্যেন্দ্ৰই।

গুলীচালনাত প্ৰাণ গৈছিল পাঁচজনৰ

উল্লেখ্য যে, ২৬ অক্টোবৰৰ নিশা গুৱাহাটীৰ বৰা চাৰ্ভিচস্থিত Hotel Bilas Innত সংঘটিত হৈছিল ভয়ংকৰ গুলীচালনাৰ ঘটনা।

এই ঘটনাত হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি কাশ্যপ, বোৱাৰী ৰিণিকি কাশ্যপ, ভাতৃ ভূদেৱ ভৰালী আৰু পৰিয়ালৰ সহযোগী নাৰায়ণ দাসৰ মৃত্যু হয়।

ঘটনাটোত গুৰুতৰভাৱে আহত হৈছিল পৰিয়ালটোৰ চালক সত্যেন্দ্ৰ পাঠক।

লীজৰ বিবাদক লৈ তদন্ত

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, হোটেলখনৰ লীজ আৰু পৰিচালনাক লৈ সৃষ্টি হোৱা বিবাদৰ পৰিণতিতে এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।

ঘনকান্ত গগৈয়ে ২০২৫ চনৰ ১০ ছেপ্টেম্বৰত হোটেলখন পাঁচ বছৰৰ বাবে মাহিলি প্ৰায় ১.৮০ লাখ টকাত লীজত লৈছিল। পৰৱৰ্তী সময়ত হোটেলখনৰ ব্যৱহাৰ আৰু বিভিন্ন সুবিধাক লৈ দুয়োপক্ষৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

সত্যেন্দ্ৰৰ ভাষ্যই আনিছে নতুন বিৱৰণ

ইতিমধ্যে ঘটনাটোৰ তদন্তৰ দায়িত্বত আছে আৰক্ষীৰ বিশেষ তদন্তকাৰী দল (SIT)।

আহত সত্যেন্দ্ৰ পাঠকৰ ভাষ্যত প্ৰকাশ পোৱা গাড়ী পাৰ্কিঙক লৈ হোৱা প্ৰাৰম্ভিক বাক্‌বিতণ্ডাৰ বিষয়টোৱে ঘটনাটোৰ ক্ৰম সম্পৰ্কে নতুন বিৱৰণ আগবঢ়াইছে।