অসম

মানকাচৰত বাল্য বিবাহবিৰোধী অভিযান তীব্ৰ, গ্ৰেপ্তাৰৰ সংখ্যা ৫০লৈ বৃদ্ধি

NewzNow · ২৮ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বাল্য বিবাহবিৰোধী অভিযানত নতুনকৈ ৯জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

২ / ৫

মানকাচৰ, ২৮ অক্টোবৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।

৩ / ৫

আৰক্ষীৰ তথ্য অনুসৰি, নতুনকৈ গ্ৰেপ্তাৰ কৰা ৯জনৰ ভিতৰত সুখচৰ আৰক্ষী থানা এলেকাৰ ৫জন, কালাপানী আৰক্ষী চকীৰ অধীনৰ ৩জন আৰু খাৰুৱাবান্ধা আৰক্ষী চকীৰ এলেকাৰ এজন লোক আছে।

৪ / ৫

ইয়াৰ পূৰ্বে সোমবাৰে নিশা জিলাখনৰ পাঁচটা থানা আৰু আৰক্ষী চকী এলেকাত একেলগে অভিযান চলাই ৪১জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

৫ / ৫

ইতিমধ্যে মঙলবাৰে গ্ৰেপ্তাৰ হোৱা ৪১জন লোকক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হয়।

মানকাচৰত বাল্য বিবাহবিৰোধী অভিযান তীব্ৰ, গ্ৰেপ্তাৰৰ সংখ্যা ৫০লৈ বৃদ্ধি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক