মানকাচৰ, ২৮ অক্টোবৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। নতুনকৈ ৯জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত জিলাখনত এই অভিযানত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৫০লৈ বৃদ্ধি পাইছে।
আৰক্ষীৰ তথ্য অনুসৰি, নতুনকৈ গ্ৰেপ্তাৰ কৰা ৯জনৰ ভিতৰত সুখচৰ আৰক্ষী থানা এলেকাৰ ৫জন, কালাপানী আৰক্ষী চকীৰ অধীনৰ ৩জন আৰু খাৰুৱাবান্ধা আৰক্ষী চকীৰ এলেকাৰ এজন লোক আছে।
ইয়াৰ পূৰ্বে সোমবাৰে নিশা জিলাখনৰ পাঁচটা থানা আৰু আৰক্ষী চকী এলেকাত একেলগে অভিযান চলাই ৪১জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তাৰ পিছতো অভিযান অব্যাহত ৰাখি পুনৰ ৯জনক গ্ৰেপ্তাৰ কৰা হয়।
ইতিমধ্যে মঙলবাৰে গ্ৰেপ্তাৰ হোৱা ৪১জন লোকক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হয়। আদালতৰ নিৰ্দেশৰ পিছত তেওঁলোকক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে, নতুনকৈ গ্ৰেপ্তাৰ কৰা ৯জন লোকক বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ কথা আৰক্ষীয়ে জানিবলৈ দিছে।
জিলাখনত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অব্যাহত আছে।