হত্যা কৰিব পৰাকৈয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নিৰাপত্তা ইচ্ছাকৃতভাৱে প্ৰত্যাহাৰ কৰা হৈছিল বুলি গুৰুতৰ অভিযোগ তুলিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
নতুন দিল্লী, ২৪ নৱেম্বৰ: প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নিৰাপত্তা প্ৰত্যাহাৰৰ বিষয়টোক লৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
মাতৃ তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থ ‘Belonging: A Journey of Love’ সম্পৰ্কে অনুষ্ঠিত এক বাৰ্তালাপত এই বিস্ফোৰক মন্তব্য কৰে ৰাহুল গান্ধীয়ে।
আলোচনাৰ সময়ত ছোনিয়া গান্ধীয়ে ১৯৯১ চনৰ এটা বিশেষ ঘটনা স্মৰণ কৰে।
ছোনিয়া গান্ধীয়ে জনোৱা মতে, সেই ঘটনাৰ পাছত ঘৰলৈ উভতি আহি ৰাহুল গান্ধীয়ে পিতৃৰ নিৰাপত্তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল।
newznow.in