নতুন দিল্লী, ২৪ নৱেম্বৰ: প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নিৰাপত্তা প্ৰত্যাহাৰৰ বিষয়টোক লৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। তেওঁ দাবী কৰা মতে, ৰাজীৱ গান্ধীক হত্যা কৰিব পৰাকৈয়ে তেওঁৰ নিৰাপত্তা ইচ্ছাকৃতভাৱে আঁতৰাই দিয়া হৈছিল।

মাতৃ তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থ ‘Belonging: A Journey of Love’ সম্পৰ্কে অনুষ্ঠিত এক বাৰ্তালাপত এই বিস্ফোৰক মন্তব্য কৰে ৰাহুল গান্ধীয়ে। এই আলোচনাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীও উপস্থিত আছিল। সামাজিক মাধ্যম এক্সত এই বাৰ্তালাপৰ এটি ভিডিঅ' প্ৰকাশ পাইছে।

১৯৯১ চনৰ ঘটনা সোঁৱৰিলে ছোনিয়া গান্ধীয়ে

আলোচনাৰ সময়ত ছোনিয়া গান্ধীয়ে ১৯৯১ চনৰ এটা বিশেষ ঘটনা স্মৰণ কৰে। সেই সময়ত ৰাহুল গান্ধী পিতৃ ৰাজীৱ গান্ধীৰ সৈতে বিহাৰ ভ্ৰমণলৈ গৈছিল। সেই ভ্ৰমণৰ সময়ত একাংশ লোকে ৰাজীৱ গান্ধীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে শ্লোগানো দিছিল।

ছোনিয়া গান্ধীয়ে জনোৱা মতে, সেই ঘটনাৰ পাছত ঘৰলৈ উভতি আহি ৰাহুল গান্ধীয়ে পিতৃৰ নিৰাপত্তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। সঠিক নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অতি সোনকালে পুনৰ যাবলগীয়া হ'ব পাৰে বুলিও ৰাহুলে মাতৃৰ আগত আশংকা ব্যক্ত কৰিছিল।

নিৰাপত্তা প্ৰত্যাহাৰৰ আঁৰত ষড়যন্ত্ৰৰ অভিযোগ

বিহাৰ ভ্ৰমণৰ সেই অভিজ্ঞতাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে পিতৃৰ নিৰাপত্তাক লৈ তেওঁৰ মনত থকা উদ্বেগ আছিল অতি স্পষ্ট। তেওঁ অভিযোগ তুলি কয়, “দেউতাৰ নিৰাপত্তা আঁতৰোৱা হৈছিল তেওঁক হত্যা কৰিব পৰাকৈ।”

ৰাহুল গান্ধীৰ এই মন্তব্যই ৰাজীৱ গান্ধীৰ নিৰাপত্তা প্ৰত্যাহাৰ সন্দৰ্ভত কংগ্ৰেছ দলে পূৰ্বৰে পৰা উত্থাপন কৰি অহা অভিযোগ পুনৰ চৰ্চালৈ আনিছে। কংগ্ৰেছে পূৰ্বে তদানীন্তন ভি পি সিং চৰকাৰৰ বিৰুদ্ধে ৰাজীৱ গান্ধীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ অভিযোগ তুলিছিল।

ছোনিয়া গান্ধীৰ গ্ৰন্থ সন্দৰ্ভত মন্তব্য

বাৰ্তালাপৰ সময়ত ৰাহুল গান্ধীয়ে মাতৃ ছোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থখনৰ বিষয়েও মন্তব্য কৰে। ৫০০ৰো অধিক পৃষ্ঠাৰ এই গ্ৰন্থখনতো বহু কথা বাদ পৰি ৰৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে আনকি তেওঁৰ সপ্তম জন্মদিনো পৰিকল্পনা অনুসৰি উদযাপন কৰিব পৰা হোৱা নাছিল। ছোনিয়া গান্ধীৰ জীৱন-যাত্ৰাত গভীৰ প্ৰেমৰ সমান্তৰালকৈ বহু বেদনাদায়ক ঘটনা জড়িত হৈ আছিল আৰু তেওঁ সকলো পৰিস্থিতিৰ সন্মুখীন মৰ্যাদা আৰু সাহসেৰে হৈছে বুলি ৰাহুলে জনায়।

ইফালে ছোনিয়া গান্ধীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে যে নিজৰ স্মৃতিৰ আধাৰত তেওঁ গ্ৰন্থখন লিখি উলিয়াইছে। ৰাহুল আৰু প্ৰিয়ংকাই নিজৰ স্মৃতি ভাগ-বতৰা কৰাত ঘটনাৱলীয়ে নতুন মাত্ৰা লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে সন্তান দুয়োগৰাকীয়েই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ আনন্দ আৰু শক্তি।