মীন বিভাগত চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভনেৰে ভুৱা নিযুক্তি-পত্ৰ দি ২১ লাখ টকা আত্মসাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস।
গুৱাহাটী, ২৪ নৱেম্বৰ: চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভনেৰে কেইবাগৰাকীও চাকৰি প্ৰত্যাশীৰ পৰা মুঠ ২১ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস।
আৰক্ষীৰ ওচৰত দাখিল কৰা এগৰাকী ভুক্তভোগীৰ এজাহাৰ অনুসৰি, মীন বিভাগত চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে এজন যুৱকৰ পৰা ৰুবুল দাসে ১০ লাখ টকা সংগ্ৰহ কৰিছিল।
তদন্তৰ সময়ত নগাঁৱৰ আন দুজন যুৱক জ্যোতি লস্কৰ আৰু কৃষ্ণমণি মেধিৰ নামো পোহৰলৈ আহিছে।
গ্ৰেপ্তাৰৰ পিছত ৰুবুল দাসৰ বাসগৃহত আৰক্ষীয়ে চলোৱা তালাচীত কেইবাখনো সন্দেহজনক নথি-পত্ৰ, ছীল আৰু ষ্টাম্প উদ্ধাৰ হয়।
newznow.in