গুৱাহাটী, ২৪ নৱেম্বৰ: চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভনেৰে কেইবাগৰাকীও চাকৰি প্ৰত্যাশীৰ পৰা মুঠ ২১ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস। মীন বিভাগত চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি ভুৱা নিযুক্তি-পত্ৰ প্ৰদান কৰাৰ অভিযোগত দিছপুৰ আৰু চানমাৰি আৰক্ষীয়ে যৌথ অভিযান চলাই বামুণীমৈদামৰ অমূল্য ৰেছিডেন্সিৰ এটা ফ্লেটৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ ওচৰত দাখিল কৰা এগৰাকী ভুক্তভোগীৰ এজাহাৰ অনুসৰি, মীন বিভাগত চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে এজন যুৱকৰ পৰা ৰুবুল দাসে ১০ লাখ টকা সংগ্ৰহ কৰিছিল। ধন লাভ কৰাৰ পিছত যুৱকজনক এখন ভুৱা নিযুক্তি-পত্ৰ দিয়াৰো অভিযোগ উত্থাপন হয়। এই সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

নগাঁৱৰ আন দুজন যুৱকৰ পৰাও ধন সংগ্ৰহৰ অভিযোগ

তদন্তৰ সময়ত নগাঁৱৰ আন দুজন যুৱক জ্যোতি লস্কৰ আৰু কৃষ্ণমণি মেধিৰ নামো পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, ২০২৫ চনত দুয়োগৰাকী যুৱকৰ পৰা নগদ ধন আৰু বেংক লেনদেনৰ জৰিয়তে পৃথকে ৫.৫ লাখ টকাকৈ সংগ্ৰহ কৰিছিল ৰুবুল দাসে। ইয়াৰ পিছত দুয়োগৰাকী যুৱকক হোৱাটছএপৰ জৰিয়তে ভুৱা নিযুক্তি-পত্ৰ প্ৰেৰণ কৰা হৈছিল বুলি জানিব পৰা গৈছে। এইদৰে তিনিগৰাকী চাকৰি প্ৰত্যাশীৰ পৰা মুঠ ২১ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাইছে।

গ্ৰেপ্তাৰৰ পিছত ৰুবুল দাসৰ বাসগৃহত আৰক্ষীয়ে চলোৱা তালাচীত কেইবাখনো সন্দেহজনক নথি-পত্ৰ, ছীল আৰু ষ্টাম্প উদ্ধাৰ হয়। এই সামগ্ৰীসমূহ চাকৰি দিয়াৰ নামত চলোৱা প্ৰৱঞ্চনাত ব্যৱহাৰ কৰা হৈছিল নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। দিছপুৰ থানাৰ ৮৪৮/২৬ নম্বৰৰ গোচৰৰ ভিত্তিত ধৃত অভিযুক্তগৰাকীক আদালতত হাজিৰ কৰাই অধিক জেৰাৰ বাবে আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা আছে। এই চক্ৰৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ৰুবুল দাসে ৰহা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। মীন উন্নয়ন নিগমৰ ২০২১-২২ চনৰ নিযুক্তি প্ৰক্ৰিয়াৰ অনিয়মৰ অভিযোগত পূৰ্বে দুৰ্নীতি নিবাৰক শাখাৰ তদন্তত এগৰাকী অসম অসামৰিক সেৱাৰ বিষয়া আৰু নিগমৰ সাতগৰাকী কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছিল। সম্প্ৰতি ৰুবুল দাসৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগসমূহৰ সত্যতা তদন্তৰ পিছতহে স্পষ্ট হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।