উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত নিষিদ্ধ ইউপিপিকেৰ স্বঘোষিত অধ্যক্ষক গ্ৰেপ্তাৰ, গুলীসহ পিষ্টল উদ্ধাৰ

NewzNow · ২৪ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

মণিপুৰৰ ইম্ফল পূব জিলাত আৰক্ষীয়ে নিষিদ্ধ সংগঠন ইউপিপিকেৰ স্বঘোষিত অধ্যক্ষ কন্থৌজাম হোমেশ্বৰ সিঙক গ্ৰেপ্তাৰ কৰাৰ লগতে পিষ্টল আৰু গুলী উদ্ধাৰ কৰে।

২ / ৫

ইম্ফল, ২৪ নৱেম্বৰ: মণিপুৰত নিষিদ্ধ ঘোষিত সংগঠন ইউনাইটেড পিপলছ পাৰ্টী অৱ কাংলেইপাক চমুকৈ ইউপিপিকেৰ স্বঘোষিত অধ্যক্ষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

৩ / ৫

আৰক্ষীৰ তথ্য অনুসৰি, মণিপুৰ আৰক্ষীৰ স্পেচিয়েল চিডিঅ' ইউনিটৰ এটা দলে কন্থৌজাম হোমেশ্বৰ সিং ওৰফে চিনখেই নামৰ ৬৬ বছৰীয়া লোকজনক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

৪ / ৫

ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীয়ে চলোৱা আন এক অভিযানত টোনামবাম লুখৈ সিঙৰ বাসগৃহৰ পৰা এটা .৩২ কেলিবাৰৰ পিষ্টল, এটা মেগজিন আৰু ১৩ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে।

৫ / ৫

অৱশ্যে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ সৈতে উদ্ধাৰ হোৱা এই অস্ত্ৰ-শস্ত্ৰৰ কোনো পোনপটীয়া সম্পৰ্ক আছে নেকি, সেই সন্দৰ্ভত তদন্তকাৰী সংস্থাই এতিয়ালৈকে কোনো বিস্তৃত তথ্য প্ৰকাশ কৰা নাই।

মণিপুৰত নিষিদ্ধ ইউপিপিকেৰ স্বঘোষিত অধ্যক্ষক গ্ৰেপ্তাৰ, গুলীসহ পিষ্টল উদ্ধাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক