ইম্ফল, ২৪ নৱেম্বৰ: মণিপুৰত নিষিদ্ধ ঘোষিত সংগঠন ইউনাইটেড পিপলছ পাৰ্টী অৱ কাংলেইপাক চমুকৈ ইউপিপিকেৰ স্বঘোষিত অধ্যক্ষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ২৩ নৱেম্বৰত ইম্ফল পূব জিলাত চলোৱা এক ঘেৰাও আৰু তালাচী অভিযানৰ সময়ত তেওঁক কৰায়ত্ত কৰা হয়। পৰৱৰ্তী সময়ত চলোৱা আন এক অভিযানত এটা পিষ্টল, এটা মেগজিন আৰু ১৩ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়।
আৰক্ষীৰ তথ্য অনুসৰি, মণিপুৰ আৰক্ষীৰ স্পেচিয়েল চিডিঅ' ইউনিটৰ এটা দলে কন্থৌজাম হোমেশ্বৰ সিং ওৰফে চিনখেই নামৰ ৬৬ বছৰীয়া লোকজনক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। ইম্ফল পূব জিলাৰ খুৰাই চিংগাংবাম লেইৰাক অঞ্চলত থকা তেওঁৰ নিজ বাসগৃহত এই অভিযান চলোৱা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, ধৃত ব্যক্তিজনে নিজকে নিষিদ্ধ সংগঠন ইউপিপিকেৰ অধ্যক্ষ বুলি পৰিচয় দিয়ে।
ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীয়ে চলোৱা আন এক অভিযানত টোনামবাম লুখৈ সিঙৰ বাসগৃহৰ পৰা এটা .৩২ কেলিবাৰৰ পিষ্টল, এটা মেগজিন আৰু ১৩ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে। ইম্ফল পূব জিলাৰে খুৰাই থৌদাম লেইকাই অঞ্চলত থকা বাসগৃহটোৰ পৰা এই অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰা হয়।
অৱশ্যে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ সৈতে উদ্ধাৰ হোৱা এই অস্ত্ৰ-শস্ত্ৰৰ কোনো পোনপটীয়া সম্পৰ্ক আছে নেকি, সেই সন্দৰ্ভত তদন্তকাৰী সংস্থাই এতিয়ালৈকে কোনো বিস্তৃত তথ্য প্ৰকাশ কৰা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত বৰ্তমানেও অব্যাহত আছে।