উত্তৰ-পূৰ্বাঞ্চলত অত্যধিক বিমান ভাড়া বৃদ্ধিৰ অভিযোগ তুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যসভাৰ সাংসদ ৰাজীব ভট্টাচাৰ্যই।
উত্তৰ-পূৰ্বাঞ্চলৰ বিমানৰ টিকটৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পোৱাক লৈ কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে ত্ৰিপুৰাৰ ৰাজ্যসভাৰ সাংসদ ৰাজীব ভট্টাচাৰ্যই।
ভৌগোলিক অৱস্থান আৰু বিকল্প যাতায়াতৰ সীমাবদ্ধতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল বিমান পৰিবহণৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল বুলি সাংসদগৰাকীয়ে স্পষ্ট কৰে।
এই সমস্যা সমাধানৰ বাবে সাংসদ ৰাজীব ভট্টাচাৰ্যই কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে।
ইয়াৰ উপৰি আগৰতলাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ব্যস্ত বিমানবন্দৰসমূহলৈ বিমানৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিমান সংস্থাসমূহক উৎসাহিত কৰাৰ আহ্বান জনায় সাংসদগৰাকীয়ে।
newznow.in