উত্তৰ-পূৰ্বাঞ্চলৰ বিমানৰ টিকটৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পোৱাক লৈ কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে ত্ৰিপুৰাৰ ৰাজ্যসভাৰ সাংসদ ৰাজীব ভট্টাচাৰ্যই। এই সমস্যাৰ সমাধান বিচাৰি সাংসদগৰাকীয়ে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ২২ নৱেম্বৰত প্ৰেৰণ কৰা পত্ৰখনত সাংসদগৰাকীয়ে উল্লেখ কৰে যে উৎসৱ-পাৰ্বণ, বন্ধৰ দিন আৰু যাত্ৰীৰ অত্যধিক ভিৰৰ সময়ত বিমান সংস্থাসমূহে টিকটৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰে। যাৰ ফলত সাধাৰণ যাত্ৰীসকল তীব্ৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ২৪ নৱেম্বৰত তেওঁ এই সন্দৰ্ভত তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।

ভৌগোলিক অৱস্থান আৰু বিকল্প যাতায়াতৰ সীমাবদ্ধতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল বিমান পৰিবহণৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল বুলি সাংসদগৰাকীয়ে স্পষ্ট কৰে। এনে পৰিস্থিতিত আকাশলংঘী ভাড়াই অঞ্চলটোৰ শিক্ষাৰ্থী, ৰোগী, চৰকাৰী কৰ্মচাৰী আৰু ব্যৱসায়ীসকলক যথেষ্ট সমস্যাত পেলাইছে। ইয়াৰ ফলত স্বাস্থ্যসেৱা, শিক্ষা আৰু কৰ্মসংস্থানৰ দৰে অত্যাৱশ্যকীয় প্ৰয়োজন পূৰণতো বাধা আহি পৰিছে বুলি তেওঁ কয়।

এই সমস্যা সমাধানৰ বাবে সাংসদ ৰাজীব ভট্টাচাৰ্যই কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। বিশেষকৈ ব্যস্ত সময়ত বিমান ভাড়াৰ এক যুক্তিসংগত সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰা, অঞ্চলটোৰ বিমানপথসমূহৰ বাবে বিশেষ নিয়ন্ত্ৰণ ব্যৱস্থা গঢ়ি তোলা আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় চমুকৈ ডিজিসিএৰ জৰিয়তে বিমান প্ৰতিষ্ঠানসমূহৰ ভাড়া নিৰ্ধাৰণ ব্যৱস্থা কটকটীয়াভাৱে নিৰীক্ষণ কৰাৰ প্ৰস্তাৱ দিয়ে তেওঁ।

ইয়াৰ উপৰি আগৰতলাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ব্যস্ত বিমানবন্দৰসমূহলৈ বিমানৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিমান সংস্থাসমূহক উৎসাহিত কৰাৰ আহ্বান জনায় সাংসদগৰাকীয়ে। চিকিৎসাজনিত জৰুৰী অৱস্থা বা উৎসৱৰ সময়ত বিমানৰ টিকটৰ মূল্যৰ অযুক্তিকৰ উঠা-নমা ৰোধ কৰিবলৈ সুৰক্ষা ব্যৱস্থা লোৱাৰ কথাও তেওঁ উল্লেখ কৰে। সুলভ বিমান সংযোগ উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি বিষয়টোক অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰিবলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰালয়ক অনুৰোধ জনায়।