কোকৰাঝাৰৰ শৰাইখোলা বেটেলিয়নত নৈশভোজৰ সময়ত দুগৰাকী আইপিএছ বিষয়াৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে।
কোকৰাঝাৰ, ২৫ নৱেম্বৰ: কোকৰাঝাৰ জিলাৰ শৰাইখোলা বেটেলিয়নত আয়োজিত এক নৈশভোজৰ অনুষ্ঠানত দুগৰাকী জ্যেষ্ঠ ভাৰতীয় আৰক্ষী সেৱা চমুকৈ আইপিএছ বিষয়াৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ…
প্ৰাপ্ত তথ্য অনুসৰি, কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গে শৰাইখোলা বেটেলিয়ন চৌহদত এই নৈশভোজৰ আয়োজন কৰিছিল।
নৈশভোজ চলি থকাৰ সময়তে দুয়োগৰাকী জ্যেষ্ঠ বিষয়াৰ মাজত প্ৰথমে তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত হাতাহাতি তথা মাৰপিটৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে।
ঘটনাটোৰ পাছতে আৰক্ষী সঞ্চালকপ্ৰধানে আন এগৰাকী জ্যেষ্ঠ আইপিএছ বিষয়া সুৰেন্দ্ৰ কুমাৰক দুয়োগৰাকী বিষয়াৰ মাজত মধ্যস্থতা কৰি বিষয়টো নিষ্পত্তি কৰাৰ দায়িত্ব দিয়া বুলি জানিব পৰা গৈছে।
newznow.in