কোকৰাঝাৰ, ২৫ নৱেম্বৰ: কোকৰাঝাৰ জিলাৰ শৰাইখোলা বেটেলিয়নত আয়োজিত এক নৈশভোজৰ অনুষ্ঠানত দুগৰাকী জ্যেষ্ঠ ভাৰতীয় আৰক্ষী সেৱা চমুকৈ আইপিএছ বিষয়াৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষী বিভাগৰ ভিতৰচ'ৰাৰ লগতে সচেতন মহলতো ব্যাপক চৰ্চা চলিছে।
প্ৰাপ্ত তথ্য অনুসৰি, কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গে শৰাইখোলা বেটেলিয়ন চৌহদত এই নৈশভোজৰ আয়োজন কৰিছিল। এই অনুষ্ঠানলৈ পশ্চিম সংমণ্ডলৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ৱাই টি গ্যাটছোকো আমন্ত্ৰণ জনোৱা হৈছিল।
নৈশভোজ চলি থকাৰ সময়তে দুয়োগৰাকী জ্যেষ্ঠ বিষয়াৰ মাজত প্ৰথমে তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত হাতাহাতি তথা মাৰপিটৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে। এই সংঘাতত জ্যেষ্ঠ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গ আঘাতপ্ৰাপ্ত হোৱা বুলিও অভিযোগ উঠিছে।
ঘটনাটোৰ পাছতে আৰক্ষী সঞ্চালকপ্ৰধানে আন এগৰাকী জ্যেষ্ঠ আইপিএছ বিষয়া সুৰেন্দ্ৰ কুমাৰক দুয়োগৰাকী বিষয়াৰ মাজত মধ্যস্থতা কৰি বিষয়টো নিষ্পত্তি কৰাৰ দায়িত্ব দিয়া বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে নে নাই, সেই কথা স্পষ্ট হোৱা নাই।
উক্ত ঘটনা সন্দৰ্ভত অসম আৰক্ষী, গৃহ বিভাগ অথবা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। সংঘাতৰ প্ৰকৃত কাৰণ, ঘটনাৰ সম্পূৰ্ণ বিৱৰণ আৰু পৰৱৰ্তী প্ৰশাসনিক ব্যৱস্থা সম্পৰ্কে এতিয়াও চৰকাৰী স্পষ্টীকৰণলৈ অপেক্ষা কৰা হৈছে। উচ্চপদস্থ আৰক্ষী বিষয়াৰ মাজত এনে অভিযোগ উত্থাপন হোৱাৰ পাছতে বিভাগীয় অনুশাসনক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে।