অসম

ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

ওদালগুৰিৰ ডিমাকুছিত পুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱা অৱস্থাত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হয়।

২ / ৫

ওদালগুৰি, মঙলবাৰ: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ডিমাকুছিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ কৰুণ মৃত্যু ঘটে।

৩ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে পুৱা জিৎ বাহাদুৰ ছেত্ৰীয়ে প্ৰাতঃভ্ৰমণলৈ ওলাই যাওঁতে ৰাজপথত হঠাৎ এটা বনৰীয়া হাতীৰ মুখামুখি হয়।

৪ / ৫

স্থানীয় ৰাইজৰ মতে, উক্ত স্থানতে পূৰ্বেও বন্যহস্তীৰ আক্ৰমণত তিনিজন লোকে প্ৰাণ হেৰুৱাইছিল।

৫ / ৫

বিগত এবছৰত জিলাখনত বন্যহস্তীৰ আক্ৰমণত ১৫ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মানুহৰ আক্ৰমণত প্ৰায় ৭-৮ টা হাতীৰো মৃত্যু ঘটিছে।

ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক