ওদালগুৰি, মঙলবাৰ: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ডিমাকুছিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ কৰুণ মৃত্যু ঘটে। নিহত লোকজন ২নং বামুনজুলিৰ বাসিন্দা জিৎ বাহাদুৰ ছেত্ৰী (৬০) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে পুৱা জিৎ বাহাদুৰ ছেত্ৰীয়ে প্ৰাতঃভ্ৰমণলৈ ওলাই যাওঁতে ৰাজপথত হঠাৎ এটা বনৰীয়া হাতীৰ মুখামুখি হয়। বন্যহস্তীটোৱে তেওঁক আক্ৰমণ কৰি গছকি দিয়াত ঘটনাস্থলীতে তেওঁ প্ৰাণ হেৰুৱায়। পাছত স্থানীয় ৰাইজে পথৰ ওপৰত মৃতদেহটো প্ৰত্যক্ষ কৰি বন বিভাগ আৰু ডিমাকুছি আৰক্ষীক অৱগত কৰে।

স্থানীয় ৰাইজৰ মতে, উক্ত স্থানতে পূৰ্বেও বন্যহস্তীৰ আক্ৰমণত তিনিজন লোকে প্ৰাণ হেৰুৱাইছিল। ডিমাকুছি, বামুনজুলি, বাদলাপাৰা, ৰজাগড়, নালাপাৰা আৰু টেংকিস্তিকে ধৰি সীমান্তৱৰ্তী অঞ্চলসমূহত দীৰ্ঘদিন ধৰি হাতী-মানুহৰ সংঘাত অব্যাহত আছে। খাদ্যৰ সন্ধানত কাষৰীয়া বৰনদী অভয়াৰণ্যৰ পৰা বন্যহস্তী জনাঞ্চললৈ ওলাই অহাৰ বাবেই এই সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে বুলি স্থানীয় লোকে প্ৰকাশ কৰে। ইয়াৰ উপৰিও বনাঞ্চল ধ্বংস আৰু হাতীৰ বিচৰণস্থলীত বেদখলকো সমস্যাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা হৈছে।

বিগত এবছৰত জিলাখনত বন্যহস্তীৰ আক্ৰমণত ১৫ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মানুহৰ আক্ৰমণত প্ৰায় ৭-৮ টা হাতীৰো মৃত্যু ঘটিছে। বাৰে বাৰে আবেদন জনোৱাৰ পাছতো সংঘাত ৰোধত বন বিভাগ আৰু বিটিআৰ চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে। সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে বন বিভাগ, বিটিআৰ প্ৰশাসন আৰু ৰাজ্য চৰকাৰক তৎকালীন পদক্ষেপ ল'বলৈ ৰাইজে দাবী জনাইছে।