৯ মাৰ্চত ঈদ-উল-ফিতৰৰ বন্ধ থকা সত্ত্বেও সেই দিনটোতে মেট্ৰিক পৰীক্ষাৰ দিন ধাৰ্য কৰাক লৈ বিভিন্ন মহলে তীব্ৰ আপত্তি দৰ্শাইছে।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (প্ৰথম বিভাগ) ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচীক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।
পৰিষদে প্ৰকাশ কৰা ২০২৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী অনুসৰি, ৯ মাৰ্চ মঙলবাৰে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সংগীত, নৃত্য, কাষ্ঠশিল্প আৰু গৃহবিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব।
শিক্ষা পৰিষদৰ মাৰ্চ মাহৰ শৈক্ষিক দিনপঞ্জীত ৯ মাৰ্চৰ দিনটো ঈদ-উল-ফিতৰৰ বন্ধ বুলি স্পষ্টভাৱে উল্লেখ আছে।
ঈদ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম প্ৰধান ধৰ্মীয় উৎসৱ।
newznow.in