অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (প্ৰথম বিভাগ) ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচীক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ২০২৭ চনৰ ৯ মাৰ্চত ঈদ-উল-ফিতৰ উপলক্ষে বন্ধ থকাৰ পাছতো সেই দিনটোতে মেট্ৰিক পৰীক্ষাৰ কেইবাটাও ঐচ্ছিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিন ধাৰ্য কৰা হৈছে। শিক্ষা পৰিষদৰ এই সিদ্ধান্তক লৈ ইতিমধ্যে বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

পৰিষদে প্ৰকাশ কৰা ২০২৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী অনুসৰি, ৯ মাৰ্চ মঙলবাৰে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সংগীত, নৃত্য, কাষ্ঠশিল্প আৰু গৃহবিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে সেই দিনাই বিয়লি ১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ চাৰুকলা আৰু বস্ত্ৰশিল্প ডিজাইন বিষয়ৰ পৰীক্ষা নিৰ্ধাৰণ কৰা হৈছে।

শিক্ষা পৰিষদৰ মাৰ্চ মাহৰ শৈক্ষিক দিনপঞ্জীত ৯ মাৰ্চৰ দিনটো ঈদ-উল-ফিতৰৰ বন্ধ বুলি স্পষ্টভাৱে উল্লেখ আছে। পৰিষদৰ এখন নথিত বন্ধ ঘোষণা কৰাৰ বিপৰীতে আন এখন নথিত সেই দিনটোতে পৰীক্ষা অনুষ্ঠিত কৰাৰ সূচী প্ৰকাশ পোৱাত শিক্ষা পৰিষদৰ এনে পৰস্পৰবিৰোধী স্থিতিক লৈ ক্ষোভ প্ৰকাশ পাইছে।

ঈদ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম প্ৰধান ধৰ্মীয় উৎসৱ। এই পবিত্ৰ দিনটোত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তই ধৰ্মীয় অনুভূতিক আঘাত কৰিব পাৰে বুলি উল্লেখ কৰি ৯ মাৰ্চৰ পৰীক্ষাসমূহ আন এটা দিনলৈ পিছুৱাই দিয়াৰ দাবী উত্থাপন হৈছে।

সকলো ধৰ্মৰ শিক্ষাৰ্থীৰ ধৰ্মীয় অনুভূতিক সন্মান জনাই এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অসমৰ শিক্ষামন্ত্ৰী আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদক আহ্বান জনোৱা হৈছে। অৱশ্যে এই সন্দৰ্ভত শিক্ষা পৰিষদ বা শিক্ষা বিভাগৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক স্পষ্টীকৰণ দিয়া হোৱা নাই। পৰীক্ষাৰ সময়সূচী সলনি কৰা হ'ব নে নাই, সেয়াও এতিয়াও স্পষ্ট হোৱা নাই।