BJPৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে যুৱ প্ৰজন্মক Gen-Z বা Gen-Alpha আদি শ্ৰেণীত ভাগ কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে।
বাৰাণসী, ২৮ অক্টোবৰঃ যুৱ প্ৰজন্মক Gen-Z বা Gen-Alpha আদি শ্ৰেণীত ভাগ কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে BJPৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে।
বাৰাণসীৰ মহাত্মা গান্ধী কাশী বিদ্যাপীঠত যুৱক-যুৱতীসকলৰ সৈতে হোৱা মত-বিনিময়ৰ সময়ত নীতিন নবীনে এই মন্তব্য কৰে।
যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপন, নতুন উদ্যোগ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত থকা সম্ভাৱনাৰ বিষয়েও তেওঁ আলোচনা কৰে।
নীতিন নবীনে লগতে ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত যুৱ প্ৰজন্মৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব বুলি মন্তব্য কৰে।
newznow.in