ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত সন্ধানহীন হোৱা বিএছএফ কনিষ্টবল কে. বেনুক বাংলাদেশৰ ভূখণ্ডৰ পৰা জীৱন্তে উদ্ধাৰ কৰিলে বিজিবিৰ জোৱানে।
কাছাৰ: ভাৰত-বাংলাদেশ সীমান্তৰ বৰাক নদীত সন্ধানহীন হোৱা সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বিএছএফৰ জোৱান কে. বেনুৰ সন্ধান লাভ কৰা হৈছে।
কাছাৰ জিলাৰ কাটিগড়া অঞ্চলৰ হৰিনগৰ সীমান্ত চকীত কৰ্তব্যৰত আছিল কনিষ্টবল কে. বেনু আৰু হেড কনিষ্টবল জিতেন্দ্ৰ যাদৱ।
সীমান্তত বিএছএফ জোৱানক দেখি সন্দেহযুক্ত সৰবৰাহকাৰীকেইজনে বৰাক নদীত জাঁপ দিয়ে।
সোমবাৰে পুৱতি নিশা বিএছএফৰ কোম্পানী কমাণ্ডাৰে ঘটনাটোৰ বিষয়ে স্থানীয় আৰক্ষীক অৱগত কৰে।
newznow.in