কাছাৰ: ভাৰত-বাংলাদেশ সীমান্তৰ বৰাক নদীত সন্ধানহীন হোৱা সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বিএছএফৰ জোৱান কে. বেনুৰ সন্ধান লাভ কৰা হৈছে। ওচৰ-চুবুৰীয়া বাংলাদেশৰ আমলশিদ গাঁৱৰ পৰা বৰ্ডাৰ গাৰ্ড বাংলাদেশে (বিজিবি) জোৱানজনক জীৱন্তে উদ্ধাৰ কৰে। জোৱানজন জীৱন্তে উদ্ধাৰ হোৱাৰ বাতৰিয়ে বিএছএফ কৰ্তৃপক্ষৰ লগতে তেওঁৰ পৰিয়ালক সকাহ দিছে।
কাছাৰ জিলাৰ কাটিগড়া অঞ্চলৰ হৰিনগৰ সীমান্ত চকীত কৰ্তব্যৰত আছিল কনিষ্টবল কে. বেনু আৰু হেড কনিষ্টবল জিতেন্দ্ৰ যাদৱ। দেওবাৰে নিশা দুয়োগৰাকী জোৱানে সীমান্তত টহল দি থকাৰ সময়তে চাৰিৰ পৰা পাঁচজন সন্দেহযুক্ত গৰু সৰবৰাহকাৰীক প্ৰত্যক্ষ কৰে।
সীমান্তত বিএছএফ জোৱানক দেখি সন্দেহযুক্ত সৰবৰাহকাৰীকেইজনে বৰাক নদীত জাঁপ দিয়ে। তেওঁলোকক কৰায়ত্ত কৰাৰ উদ্দেশ্যে দুই বিএছএফ জোৱানেও নদীত জাঁপ দিয়ে। ইয়াৰ পিছতে হেড কনিষ্টবল জিতেন্দ্ৰ যাদৱ সাঁতুৰি নিৰাপদে পাৰলৈ উঠি আহে যদিও নদীৰ প্ৰবল সোঁতে কনিষ্টবল কে. বেনুক উটুৱাই লৈ যায়।
সোমবাৰে পুৱতি নিশা বিএছএফৰ কোম্পানী কমাণ্ডাৰে ঘটনাটোৰ বিষয়ে স্থানীয় আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (এছডিআৰএফ), ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এনডিআৰএফ) আৰু নদী আৰক্ষীৰ দল নিয়োগ কৰি জোৱানজনৰ সন্ধানত নদীখনত ব্যাপক অভিযান চলোৱা হয়।
অভিযান চলি থকাৰ মাজতে বাংলাদেশৰ আমলশিদ গাঁৱৰ পৰা বিজিবিৰ এটা দলে জোৱানজনক জীৱন্তে উদ্ধাৰ কৰে। জোৱানগৰাকীক বিজিবিৰ আমলশিদ সীমান্ত চকীৰ শিবিৰত ৰখা হৈছে আৰু মঙলবাৰে আনুষ্ঠানিকভাৱে বিএছএফৰ হাতত তেওঁক গতাই দিয়াৰ সম্ভাৱনা আছে।