অসমত প্ৰতি এক লাখ জনসংখ্যাত অপৰাধৰ হাৰ ৩৭৯ৰ পৰা ১১৬লৈ হ্ৰাস পোৱাৰ লগতে আদালতত দোষী সাব্যস্তৰ হাৰ ৩০ শতাংশ অতিক্ৰম কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
দেৰগাঁও: অসমত অপৰাধৰ হাৰ লক্ষণীয়ভাৱে হ্ৰাস পোৱাৰ লগতে আদালতত দোষী সাব্যস্ত হোৱাৰ হাৰ ৩০ শতাংশ অতিক্ৰম কৰিছে।
মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনত ৰাজ্যখনত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ ঘটনা আছিল ৩৭৯টা।
মাদকদ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানৰ খতিয়ান দাঙি ধৰি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে ৰাজ্যজুৰি এতিয়ালৈকে ৩,২৭৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে।
বাল্যবিবাহ বিৰোধী পদক্ষেপ সন্দৰ্ভত প্ৰকাশ কৰা তথ্য মতে, ২০২৩-২৪ বৰ্ষত প্ৰায় ১০ হাজাৰ লোকক কৰায়ত্ত কৰা হৈছিল।
newznow.in