দেৰগাঁও: অসমত অপৰাধৰ হাৰ লক্ষণীয়ভাৱে হ্ৰাস পোৱাৰ লগতে আদালতত দোষী সাব্যস্ত হোৱাৰ হাৰ ৩০ শতাংশ অতিক্ৰম কৰিছে। দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ এই পৰিসংখ্যা দাঙি ধৰে। দীৰ্ঘদিন ধৰি অসমত দোষী সাব্যস্ত হোৱাৰ হাৰ নিম্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই পৰিৱৰ্তনক বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনত ৰাজ্যখনত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ ঘটনা আছিল ৩৭৯টা। ২০২৬ চনৰ জুলাই মাহলৈ এই সংখ্যা ১১৬টালৈ হ্ৰাস পাইছে। একেদৰে ৰাজ্যত পঞ্জীয়ন হোৱা মুঠ গোচৰৰ সংখ্যা ১,৩৩,২৩৯টাৰ পৰা ২৫,০১৪টালৈ নামি আহিছে। গোচৰ পঞ্জীয়ন হ্ৰাস পোৱাৰ ফলত আৰক্ষীৰ তদন্তাধীন গোচৰৰ বোজাও যথেষ্ট কমিছে আৰু বৰ্তমান আৰক্ষীৰ হাতত এনে গোচৰৰ সংখ্যা হৈছে ১০,১৩৬টা।

মাদকদ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানৰ খতিয়ান দাঙি ধৰি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে ৰাজ্যজুৰি এতিয়ালৈকে ৩,২৭৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। এই সংক্ৰান্তত আৰক্ষীয়ে ২৬,৫৩৭জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ সমান্তৰালকৈ চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবেও আৰক্ষীৰ প্ৰযুক্তিগত সক্ষমতা বৃদ্ধি কৰা হৈছে।

বাল্যবিবাহ বিৰোধী পদক্ষেপ সন্দৰ্ভত প্ৰকাশ কৰা তথ্য মতে, ২০২৩-২৪ বৰ্ষত প্ৰায় ১০ হাজাৰ লোকক কৰায়ত্ত কৰা হৈছিল। শেহতীয়াকৈ অক্টোবৰ মাহত চলোৱা বিশেষ অভিযানত ৪৮১টা অভিযোগৰ ভিত্তিত ৫৬৫জন লোকক গ্ৰেপ্তাৰ কৰা হয়। সামগ্ৰিক অপৰাধৰ হাৰ কমিলেও বাল্যবিবাহ সম্পৰ্কীয় অভিযোগৰ সংখ্যা ৯৫ শতাংশ বৃদ্ধি পাইছে। জনসচেতনতা আৰু এজাহাৰ দাখিলৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবেই এই অভিযোগ বৃদ্ধি পোৱা বুলি চৰকাৰীভাৱে ব্যাখ্যা কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ তিনিখন নতুন অপৰাধ বিধি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। ডিজিটেল প্ৰমাণ সংগ্ৰহৰ বাবে 'ই-সাক্ষ্য' পৰ্টেলত অসমে ১০০ শতাংশ পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ লগতে 'ই-চমন' ব্যৱস্থাও ৰূপায়ণ কৰিছে। তদন্ত ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ ৰাজ্যত তিনিটা নতুন ফৰেনছিক পৰীক্ষাগাৰ স্থাপন কৰা হৈছে আৰু দেৰগাঁৱত এটা আঞ্চলিক ফৰেনছিক বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে।

আৰক্ষী প্ৰশাসনত মানৱসম্পদ বৃদ্ধিৰ লক্ষ্যৰে অহা ১ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন বিভাগৰ মুঠ ৫,৭৩৭টা কনিষ্টবল পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ ২,২৩৬টা, এপিআৰঅ’ৰ ৬৮৬টা, অগ্নিনিৰ্বাপক বাহিনীৰ ৪৯০টা, বন বিভাগৰ ১,৩০৭টা, গৃহৰক্ষী বাহিনীৰ ৮২৭টা আৰু কাৰাগাৰ বিভাগৰ ১৯১টা পদ আছে। তদুপৰি প্ৰায় এহেজাৰ যুৱক-যুৱতীক নিযুক্তিৰ লক্ষ্যৰে এটা নতুন অসম আৰক্ষী বেটেলিয়ন আৰু এটা এছডিআৰএফ বেটেলিয়ন গঠনৰো পৰিকল্পনা কৰা হৈছে।

অৱশ্যে প্ৰকাশিত পৰিসংখ্যাত হিংসাত্মক অপৰাধ বা জিলাভিত্তিক অপৰাধৰ পৃথক তথ্য উল্লেখ কৰা হোৱা নাই। আদালতত বিচাৰাধীন পুৰণি গোচৰৰ বোজা কিমান হ্ৰাস পালে, সেই বিষয়টোও স্পষ্ট হোৱা নাই। আৰক্ষীৰ পৰিসংখ্যাগত উন্নতিৰ সমান্তৰালভাৱে থানালৈ অহা সাধাৰণ নাগৰিকৰ প্ৰতি আৰক্ষীৰ ব্যৱহাৰ, সেৱাৰ মানদণ্ড আৰু জনসাধাৰণৰ আস্থা বৃদ্ধিৰ দিশটোও সমানেই গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।