অসম আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কাৰ্যক্ষম কৰি তুলিছে ‘স্মাৰ্ট ৰেছপন্স ইউনিট’।
দেৰগাঁও: অসম আৰক্ষীৰ আধুনিকীকৰণৰ দিশত এক নতুন পদক্ষেপ গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে কাৰ্যক্ষম কৰা হৈছে বিশেষ কমাণ্ডো বাহিনী ‘স্মাৰ্ট ৰেছপন্স ইউনিট’ (এছআৰইউ)।
নতুনকৈ গঠন কৰা এই বিশেষ বাহিনীটোক দুটা সুকীয়া গোটত বিভক্ত কৰা হৈছে— ‘আৰ্বান ইন্টাৰভেনচন ইউনিট’ আৰু ‘জংঘল ইন্টাৰভেনচন ইউনিট’।
প্ৰতিটো গোটত ৬৫গৰাকীকৈ বিশেষ কমাণ্ডো অন্তৰ্ভুক্ত কৰা হৈছে।
চৰকাৰী তথ্য অনুসৰি, ২০২৫ চনৰ মাৰ্চ মাহৰ পৰাই এই বিশেষ বাহিনী গঠনৰ কাম-কাজ আৰম্ভ হৈছিল।
newznow.in