দেৰগাঁও: অসম আৰক্ষীৰ আধুনিকীকৰণৰ দিশত এক নতুন পদক্ষেপ গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে কাৰ্যক্ষম কৰা হৈছে বিশেষ কমাণ্ডো বাহিনী ‘স্মাৰ্ট ৰেছপন্স ইউনিট’ (এছআৰইউ)। দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত উপ-পৰিদৰ্শক আৰু কনিষ্টবলসকলৰ পাছিং আউট পেৰেডত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।
নতুনকৈ গঠন কৰা এই বিশেষ বাহিনীটোক দুটা সুকীয়া গোটত বিভক্ত কৰা হৈছে— ‘আৰ্বান ইন্টাৰভেনচন ইউনিট’ আৰু ‘জংঘল ইন্টাৰভেনচন ইউনিট’। চহৰাঞ্চলৰ ঘন জনবসতিপূৰ্ণ এলেকাত জটিল অপৰাধ আৰু সন্ত্ৰাসবাদী ভাবুকি প্ৰতিহত কৰাৰ লগতে পাহাৰ-হাবনিৰ দুৰ্গম এলেকাত অভিযান চলাবলৈ এই দুয়োটা গোটক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে।
প্ৰতিটো গোটত ৬৫গৰাকীকৈ বিশেষ কমাণ্ডো অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ দুয়োটা গোট মিলি মুঠ ১৩০গৰাকী কমাণ্ডো বাহিনীটোত নিয়োজিত হ’ব। প্ৰতিটো ৬৫জনীয়া গোটত ১৩গৰাকীকৈ প্ৰশিক্ষিত মহিলা কমাণ্ডো আৰু ৫২গৰাকী পুৰুষ জোৱানক অন্তৰ্ভুক্ত কৰা হৈছে। এই সকলো জোৱানকে আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু বিশেষ অভিযানৰ কৌশলৰ প্ৰশিক্ষণ দিয়া হৈছে।
চৰকাৰী তথ্য অনুসৰি, ২০২৫ চনৰ মাৰ্চ মাহৰ পৰাই এই বিশেষ বাহিনী গঠনৰ কাম-কাজ আৰম্ভ হৈছিল। অসম আৰক্ষীৰ মূল বাহিনীৰ পৰা বাছনি কৰা ১৬০গৰাকী প্ৰাৰ্থীৰ এমাহজোৰা শাৰীৰিক আৰু মানসিক পৰীক্ষা-নিৰীক্ষাৰ অন্তত চূড়ান্তভাৱে এই ১৩০গৰাকী কমাণ্ডোক নিৰ্বাচন কৰা হয়।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ এই কমাণ্ডোসকলক উচ্চ পৰ্যায়ৰ বিশেষ প্ৰশিক্ষণ আৰু আধুনিক সঁজুলিৰে সাজু কৰি তোলা হৈছে। জৰুৰী তথা আকস্মিক সংকটৰ সময়ত সাধাৰণ আৰক্ষীৰ সলনি এনে বিশেষভাৱে প্ৰশিক্ষিত বাহিনীক ক্ষিপ্ৰতাৰে নিয়োগ কৰাই হৈছে এই ইউনিট গঠনৰ মূল উদ্দেশ্য।
ইফালে নতুন কমাণ্ডো বাহিনীটোক ৰাজ্যৰ কোনবোৰ স্পৰ্শকাতৰ জিলাত নিয়োগ কৰা হ’ব, সেই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰীভাৱে কোনো তথ্য ৰাজহুৱা কৰা হোৱা নাই। বাহিনীটোক যোগান ধৰা অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিগত সঁজুলিৰ বিষয়েও বিতং তথ্য প্ৰকাশ কৰা হোৱা নাই।