দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত প্ৰশিক্ষণ সমাপ্ত কৰি অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ১,৬৬৫গৰাকী নতুন কেডেটে।
দেৰগাঁও: দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান কৰিছে ১,৬৬৫গৰাকী নতুন কেডেটে।
নতুনকৈ সেৱাত যোগদান কৰা কেডেটসকলৰ ভিতৰত ১,১৮৯গৰাকী পুৰুষ আৰু ৪৭৬গৰাকী মহিলা আছে।
লাচিত বৰফুকন আৰক্ষী একাডেমীত নিয়মীয়া আৰক্ষী কনিষ্টবলৰ উপৰিও কমাণ্ডো, বন আৰক্ষী, অনাতাঁৰ শাখাৰ জোৱান আৰু উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াসকলকো ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে।
ৰাজ্য চৰকাৰে দেৰগাঁও আৰক্ষী একাডেমীখনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
newznow.in