দেৰগাঁও: দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান কৰিছে ১,৬৬৫গৰাকী নতুন কেডেটে। লাচিত দিৱস উপলক্ষে আয়োজিত দীক্ষান্ত পেৰেডত অংশগ্ৰহণ কৰি এই দলটোৱে আৰক্ষী বাহিনীত সেৱা আৰম্ভ কৰে।

নতুনকৈ সেৱাত যোগদান কৰা কেডেটসকলৰ ভিতৰত ১,১৮৯গৰাকী পুৰুষ আৰু ৪৭৬গৰাকী মহিলা আছে। একাডেমীখনৰ এইটো আছিল অষ্টমটো সমাৱৰ্তন। ২০২৫ চনৰ ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত উপ-পৰিদৰ্শক (যোগাযোগ) আৰু সশস্ত্ৰবিহীন শাখাৰ কনিষ্টবলসকলে অংশ লৈছিল।

লাচিত বৰফুকন আৰক্ষী একাডেমীত নিয়মীয়া আৰক্ষী কনিষ্টবলৰ উপৰিও কমাণ্ডো, বন আৰক্ষী, অনাতাঁৰ শাখাৰ জোৱান আৰু উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াসকলকো ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ পূৰ্বে গোৱা আৰু মণিপুৰ আৰক্ষীৰ জোৱানেও এই প্ৰতিষ্ঠানটোত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

ৰাজ্য চৰকাৰে দেৰগাঁও আৰক্ষী একাডেমীখনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই লক্ষ্যৰ অংশ হিচাপে অহা ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষা বাহিনী অৰ্থাৎ এনএছজিৰ এটা কমাণ্ডো দল বিশেষ প্ৰশিক্ষণৰ বাবে দেৰগাঁৱলৈ আহিব। ইয়াৰ উপৰি পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু চোৰাংচোৱা সংস্থাৰ প্ৰায় ৫ হাজাৰ জোৱানক এই একাডেমীত প্ৰশিক্ষণ প্ৰদানৰ পৰিকল্পনা হাতত লোৱা হৈছে।

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে একাডেমীখনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কাম দ্ৰুতগতিত চলি আছে আৰু অহা দুবছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ভৱিষ্যতে আহিবলগীয়া প্ৰশিক্ষাৰ্থীসকলৰ বাবে উন্নত আৱাসিক ব্যৱস্থা আৰু বিশেষ পাঠ্যক্ৰম প্ৰস্তুত কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।